এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
অসমীয়া সাহিত্যৰ অধ্যয়ন
“চান্দ বোলে সাধু তুমি খুনহ বচন।
বাৰ বৎসৰ ছিলু মই লঙ্কাৰ ভুবন॥
লতা-পাতা বদলে পাইলু বহু ধন।
হীৰা-মণি-মাণিক্য আৰু যত ধন॥
নানা ৰত্ন চৌদ্ধ ডিঙ্গা ভৰিলু সকল।
বামনা ভাথাৰি মোৰ সৱ গৈল তল॥
বৰ বৰ সাগৰ মই বাইয়া এড়িলু।
কালিধৰ সাগৰে মই সকলি হাৰিলু॥
সাত দিন নৱ ৰাত্ৰি ভাসিনু সাগৰে।
পাইলু তদেৰ লাগ শঙ্কৰৰ বৰে॥’’
নানা ফুলৰ বৰ্ণনাতো ষষ্ঠীবৰে বিশেষ নিপুণতা দেখুৱাইছে—
বিস্তৰ মেলিলা ফুল বিপুলা ৰূপসী;
ধুতুৰা কুঙ্কুম মেলে আদ্য তুলসী॥
লৱঙ্গ কুলঙ্গ মেলে আৰু মেলে মালি।
শ্ৰীফলে পত্ৰ মেলে জাৰুলি পাৰলি॥
কেওয়া কেতকী মেলে মাধৱিৰ ফুল।
যাতি মেলে যুতি মেলে টগৰ বগুল॥
ঔৰ চম্পক মেলে চম্পা নাগেশ্বৰ।
বকুল কুঙ্কুম মেলে পাৰিজাত বৰ॥
আৰু পুষ্প মেলে কন্যা ৰক্ত উৎপল।
শেষকালে মেলে পুষ্প সহস্ৰ কমল॥
⸻⸻