পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
ডাকৰ বচন—বৌদ্ধপ্ৰভাৱৰ সাহিত্য


অহিংসক ডাক শিশু পেলাইলা মাৰিয়া॥ হৰি হৰি কিনে দিব্য ঈশ্বৰৰ লীলা। এদিন এনিশাক লাগি জনম ধৰিলা॥”

 ডাকৰ বচন তেৰটা মান বিষয় বা প্ৰকৰণত ভগোৱা। জন্ম প্ৰকৰণত আছে :—

 “এক দিন ডাক জন্ম লভিসা। ভূমিত পৰিয়া মনে গুণিলা॥ দেখে অন্ধকাৰ প্ৰদীপ নাই। চক্ষু টেৰ কৰি মাৱক চায়॥ প্ৰসৱ দুখত মাতৃ অসুখ। চক্ষু মেলি চাই পুত্ৰৰ মুখ॥ ওচৰৰ দুই তিৰী আসিয়া। জ্বলাৱে অগ্নিক তুষে ফুকিয়া॥ পিৰিক-পাৰাক কৰে আগুন। নালাগে দেখিয়া উঠয় খঙ॥ হেন দেখি পাছে মাতিলা ডাক। পোঁৱাতী ৰাখিয়া চা পুতাক॥ একে কাঠে লাড়ি- চাৰি। দুই কাঠে ফু মাৰি॥ তিনি কাঠে কৰি এক। যেনে লাগে তেনে সেক॥ ধুৱাই-খুৱাই কোলে লৈবে তেৱে। ভালে ভালে ফুল পৰিল যেবে॥ জয়ধ্বনি কৰি নাড়ী কাটিব। দৃঢ় বুদ্ধি কৰি নাড়ী বান্ধিব॥ গোবৰ-খুটী সচলু কাঠ। সেকিলে নাড়ী নোহে অনাথ॥ লোণ-জালুকেৰে খুৱাব জাল। তেবে স্তন-ৰস হৈবেক ভাল॥ কলীয়া তুলসী বেলৰ পাত। মুঠায়ে সহিতে বটি পটাত॥ তপত কৰিয়া জননী খাইব। তেবেসে নাড়ীয়ে দৃঢ়ক পাইব॥ যেৱে সূতিকাৰ ৰাখিব জীৱ। যতন কৰিয়া ঔষধ দিব॥ বাসি জয়ন্তী পূষ্পক লব। তাৰ ক্ষুদ্ৰ শিপা অল্প মিলাইব॥ অল্প বেঙেনা শিপা তাহাকো দিব। ক্ষুধাত খুৱাইব তেবেসে জীৱ॥ অপৰাজিতাৰ একেটি ফুল। জানি-শুনি দিব দশৰ মূল॥ অহিত জনে শিশুক নেদেখি। অভ্যন্তৰে থৈব সুহৃদে ৰাখি॥ পূবলৈ শিৰে শিশু গুৱাই। পোৱাতী ৰাখিব আগে জ্বলাই॥ দিনত শিশুক নেৰিবে জনে। ৰাখিব নিশাত মায়ে যতনে॥ সুপুত্ৰিনী নাৰী সঙ্গে নেৰিব। মাজে মাজে মাৱে জাগি দেখিব॥ নিশক্ত তনু তৃষ্ণাতুৰ জানি। সূতিকা নিকটে নথৈব পানী॥ সুহৃদে বান্ধিব টীকৰ বস্ত্ৰ। সুতিকা নিকটে ৰাখিব অস্ত্ৰ॥ গৃহ চাৰি চুকে দ্বাৰ মুখত। বচ সিজু আনি ৰুইব শকত॥ অশৌচ বাজে মঙ্গল কৰি। সূৰ্য্যক দেখাইব নয়ন ভৰি॥ তেবেসে পুত্ৰৰ হৈব কুশল। জয় হৰি বুলি কৰা মঙ্গল॥

 ধৰ্ম্ম-প্ৰকৰণৰ সাৰ-মৰ্ম্ম ইয়াকে পাব পাৰি :—

 “যেবেসে ধৰ্ম্মক কৰিব জানি। পুখুৰী খানিয়া ৰাখিব পানী। বৃক্ষ-ৰোপনত অধিক ধৰ্ম্ম। মঠ-মণ্ডপ গুৰুতৰ কৰ্ম্ম। অন্ন-জল জানা অধিক দান। তাত