পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
অসমীয়া সাহিত্যৰ অধ্যয়ন


বুজা। মই গুচৰীয়া তুমি হোৱা ৰজা৷ ৰুলোঁ মোৰ মাটিত। বগাল তোৰ তাঁতীত। মাটিৰ গিৰিয়ে পায় নে তাঁতীৰ গিৰিয়ে পায়। স্বৰূপ কহিয়া মোত কহা বুজায়॥—’’

 মিহিৰে তাৰ উৰ্ত্তৰত নিজে খাটি খাই নিজ দেশলৈ উলটিল—“মাতৃৰ লগত তুমি কৰিয়ো বাস। আজিৰ পৰা এৰিলোঁ আশ॥” এইখিনিৰ ঘাই মৰ্ম্ম এয়ে—বৰাহ মিহিৰ দ্বিতীয় বাৰ অসমলৈ আহোঁতে ডাকক জন্ম হোৱা পাইছিল আৰু চালুকীয়া অৱস্থাতে ডাকে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিছিল। ঘৰুৱা জীৱন সম্বন্ধে, ডাকৰ পৰিয়াল কুমাৰ ব্যৱসায়ী; আৰু বঙলা ডাকৰ বচনৰ মতে গোৱাল আছিল। ডাকৰ জীৱনৰ শেষ অধ্যায়ো তেনে- কুৱাই— “সোধাকৰ প্ৰীতি মেলত। ছেমনীয়াৰ প্ৰীতি খেলত॥ এহি বুলি ডাকে বন্ধুগণ সঙ্গে। ঘিলা খেল আৰম্ভিলা অতি বৰ ৰঙ্গে॥ এক দিন ৰাজাৰ পৰিলেক মন। দূতক মাতিয়া কহে যায় এতিক্ষণ॥ কোন দিন ক্ষৌৰ কৰ্ম্ম পায় কৰিবাক। ডাকত সুধিয়া মোক কহিৰি বাৰ্ত্তাক৷ ৰাজাৰ আদেশ দূতে শিৰোগত কৰি। ডাকৰ সমীপে দূত গৈলন্ত লৱৰি। বন্ধুগণ সমে ঘিলা খেলি আছে ডাক। ৰজাৰ বাৰ্ত্তাক দূতে কহিলা প্ৰত্যেক॥ মোহোৰ প্ৰশ্নক সৰ্ব্বজান ডাক শুনা। ক্ষুৰ কৰ্ম্ম কৰিবাক পায় কোন দিনা॥ ডাকে বোলে পাত ঘিলা মাৰোঁ লাই। শুন দূত মঙ্গলৰ অগে-পিছে পায়॥ ডাকৰ বচন শুনি দূত চলি গৈলা। ৰাজাৰ আগত বাৰ্ত্তা কহিবাক লৈলা॥ অৰ্থ কৰিবাক ৰাজা নোৱাৰি দূতক। পণ্ডিত ব্ৰাহ্মণ আৰু আনহ গণক॥ বোলে ভাল ব্ৰাহ্মণ গণক সৱে আহি। সোমে বুদে খুৰ কৰ্ম্ম কৰিবাক পাই॥ এহি বুলি ৰাজাত বুজাইলা সম্মত। জী থাকে যদি ডাক ভাবিলা মনত॥ আমাৰ জীৱিকা সৱে গুচিৱে তাৱত। ডাকক মাৰোহো সৱে স্নান সময়ত॥ সকলো শিশুক মাতি আনিলা গণক। ৰাখিব নোৱাৰি ডাক আসিলা মনক॥ ব্ৰহ্মপুত্ৰ তীৰে আহি বান্ধিলন্ত আৰি। সকলো শিশুৰে লগে দিলে জাঁপ মাৰি॥ দেখে শিশুসৱ জাঁপ মাৰিলন্ত ডাক। হেচা মাৰি ধৰিলন্ত কেহো নেদে হাক॥ মাজক লাগিয়া সবে নিলে মাৰি টকা। আজি ধৰি হইয়াছে ব্ৰহ্মপুত্ৰ উকা॥ উত্তম ব্ৰাক্ষ্মণ(?) ঘৰে জনম ধৰিলা। এক দিন দুপৰতে শাস্ত্ৰক কহিলা॥ ইন্দ্ৰ চন্দ্ৰ সূৰ্য্য কোন আসি আছে দেয়। কিবা তাহাৰেসে মায়া নাজানিলে কেৱ৷ সকলো প্ৰাণীয়ে সিটো অদ্ভুত মানিয়া।