যিসকল কৱিয়ে এইদৰে চিনাকি পথত অচিন সম্ভাৱনাৰ সুৰ শুনালে সেইসকলৰ
ভিতৰত স্মৰণীয় হৈছে...ডিম্বেশ্বৰ নেওগ.....।” অসমীয়া কৱিতাৰ ছন্দ, ১৯৬২৷
(৩)
“নেওগ ছাত্ৰ অৱস্থাৰ পৰাই ভাষা-জননীৰ একনিষ্ঠ সেৱক।...কবিৰূপে নেওগৰ পৰিচয় প্ৰদান কৰে “বালিকা” (১৯২১), “থুপিতৰা” (১৯২৫), “মালতী” (১৯২৭), ইন্দ্ৰধনু” (১৯৩০), “মুকুতা” (১৯৩২), “শ্বহিদে কাৰবালা” (১৯৪১), “অসমা” (১৯৪৭), “বিচিত্ৰা", “থাপনা” (১৯৪৮) আদি নিজস্ব কৱিতা-পুথিৰে। তাৰ মাজৰে কিছু কৱিতাই উচ্চ কল্পনা, ভাবৰ গাম্ভীৰ্য্য আৰু প্ৰকাশ-ভঙ্গীৰ সৌষ্ঠৱৰ দ্বাৰা কবিক অবিস্মৰণীয় কৰি ৰাখিব বুলি আশা কৰিব পাৰি। “শাপমুক্তা”, “স্বৰ্গপুৰী”, “মোৰ গাঁও”, “বুৰঞ্জী-লেখক” আদি কৱিতাৰ শব্দচয়ন-ঔচিত্য, উপমাদিৰ সাৰ্থকতা, ভাবাবেগৰ আন্তৰিকতা আৰু ছন্দৰ সৰল সাবলীন গতিৰ দ্বাৰা মহিমা-মণ্ডিত হৈছে।...কৱিতাৰ চঞ্চল বিলাস,স্বদেশ- প্ৰীতিৰ উদ্দাম গতি আৰু সৰল আশাবাদ আছে। প্ৰেমৰ কৱিতাতো হা-হুমুনিয়াহ নাই। ইংৰাজী কৱিতাৰ ছাঁ লৈ লিখা কবিতাকেইটিও নিজস্ব মহিমাৰে সমৃদ্ধ। টেনিছনৰ “মে কুঈন্”ৰ ছাঁ লৈ লিখ "বিহুৱতী” কৱিতাটিয়েই তাৰ নিদৰ্শন।
“নেওগ একাধাৰে কবি আৰু নিৰ্ভীক সমালোচক।.... অসমীয়া সাহিত্য বুৰঞ্জী প্ৰণেতাৰূপে নেওগ প্ৰসিদ্ধ। “আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী” (১৯৩৭), “অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি” (১৯৪০), “অসমীয়া সাহিত্যৰ বুৰঞ্জী" ( সংক্ষিপ্ত, ১৯৫০-৫১) আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জী (বৃহৎ, ১৯৫৬), এই চাৰিখন সাহিত্যৰ বুৰঞ্জীত অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশ আলোচনা কৰিছে। সাহিত্যৰ বুৰঞ্জী বিষয়ত তেওঁ অগ্ৰগণী আৰু পথ-প্ৰদৰ্শক, সেই বিষয়ে সন্দেহৰ থল নাই।”
“প্ৰাক্-ঐতিহাসিক অসম” আৰু “বৈষ্ণৱ ধৰ্ম্মৰ আঁতিগুৰি” (১৯৪০) লেখক শ্ৰী ডিম্বেশ্বৰ নেওগৰ... ধৰ্ম্ম আৰু সংস্কৃতি সম্পৰ্কীয় প্ৰৱন্ধাৱলী লেখকৰ পাণ্ডিত্য আৰু মননশীলতাৰ পৰিচয়-জ্ঞাপক।” (২৬৩ পিঠি)। “সাহিত্যৰ বুৰঞ্জীলৈ ডিম্বেশ্বৰ নেওগৰ অৱদান সকলোতকৈ অধিক। তেওঁৰ “আধুনিক অসমীয়া সাহিত্য বুৰঞ্জী” (১৯৩৬), “অসমীয়া সাহিত্যৰ বুৰঞ্জী’’ (চমু, ১৯৫০; বিস্তৃত, ১৯৫৭) আদি বিভিন্ন চমু আৰু বিস্তাৰিত ইতিহাস অসমীয়া ভাষা আৰু সাহিত্যৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ধাৰা আৰু বিভিন্ন দিশ খৰচি মাৰি আলোচিত হৈছে।”
অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক ডিম্বেশ্বৰ নেওগ সমালোচক হিচাপে উল্লেখযোগ্য। তেওঁৰ অসমীয়া সাহিত্যৰ জিলিঙনি” (১৯৩৯) আৰু ভালেখিনি প্ৰৱন্ধেৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ আলোচনা কৰিছে। নেওগৰ সমালোচনা নিৰ্ভীক, আৰু অযথা প্ৰশংসাবাদপূৰ্ণ নহয়।” “লোক-গীত সংগ্ৰহ আৰু প্ৰকাশত....“আকুল পথিক” (১৯২২), “ভোগজৰা” (১৯২৯).... প্ৰাক্-স্বাধীনতা যুগৰ উল্লেখযোগ্য অৱদান।” অসমীয়া সাহিত্যৰ ইতিবৃত্ত।