পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া সাহিত্যৰ ইতিহাসত ডিম্বেশ্বৰ নেওগ

( ১ )


“ডিম্বেশ্বৰ নেওগ।......কুমলীয়া ছাত্ৰ অৱস্থাৰ পৰাই কৱিতা-ৰচনা আৰম্ভ কৰে...। এওঁৰ কেইবাখনিও কৱিতাৰ পুথি প্ৰকাশিত হৈছে—মালিকা (১৯২১), সঁফুৰা (গীত, ১৯২৩), থুপিতৰা (১৯২৫), মালতী (১৯২৭), ইন্দ্ৰধনু (১৯৩০), মুকুতা ( ছনেট্, ১৯৩২), শ্বহিদে কাৰবালা (১৯৪০), মেঘদূত (১৯৪২), অসমা (১৯৪৭), বিচিত্ৰা, থাপনা (১৯৪৮)। এওঁ কেইবাখনিও লোক-গীতিৰ সংগ্ৰহো প্ৰকাশ কৰি নিজেই সিবিলাকৰ চৰ্চ্চাত ৰত হৈছে। এওঁৰ কৱিতাৰ দুটি প্ৰধান সুৰ—প্ৰেম আৰু দেশপ্ৰেম। “মালিকা”ৰ পৰা “ইন্দ্ৰধনু” লৈকে কৱিত্বৰ এটি ক্ৰমবিকাশ দেখা পোৱা যায়। “ইন্দ্ৰধনু”ৰ ’সাধনা’ খণ্ডত এই সময়ত দেশপ্ৰেমৰ উচ্ছ্বাসৰ এটি পৰিণতি দেখা পোৱা যায়।” “মঞ্চৰ পৰা আঁতৰত লিখা কাব্যিক নাট ডিম্বেশ্বৰ নেওগৰ “কামৰূপ”।”

 “আধুনিক তত্ত্বালোচনামূলক ....... সচেতন শৈলী-সেৱী..... ডিম্বেশ্বৰ নেওগ।” ... .ডিম্বেশ্বৰ নেওগৰ “বৈষ্ণৱ ধৰ্ম্মৰ আঁতিগুৰি” (১৯৪০), “বৈষ্ণৱ- ধৰ্ম্মৰ ক্ৰমবিস্তাৰ” (১৯৪৩) আৰু “প্ৰাক-ঐতিহাসিক অসম”ৰ (১৯৪৯) নাম এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি।” “ডিম্বেশ্বৰ নেওগে ‘মিলন’ৰ কালতে (১৯২৩) আৰম্ভ কৰি অসমীয়া সাহিত্যৰ তাত্ত্বিক অধ্যয়নত লাগি আছে।...... পুৰণি-আধুনিক কৱিৰ বিষয়ে আলোচনাবোৰেৰে একে পৰ্য্যায়ৰ কেইটিমান প্ৰৱন্ধ অসমীয়া সাহিত্যৰ জিলিঙনি”ত (১৯৩৯) সন্নিবিষ্ট হৈছে। বন-গীতৰ “আকুল-পথিক’’ (১৯২২), আইনাম-লৰাধেমালিৰ গীত আদিৰ “ভোগজৰা” (১৯২৮), আৰু দুহাজাৰমান যোজনা-ফকৰাৰ ৰহৰহী”ৰ (১৯৩৭, প্ৰকাশ ১৯৪৮) সংগ্ৰহ অনুসন্ধানৰ ফালৰ পৰা আৰু সিবোৰৰ আৰু.....“জনা- গাভৰুৰ গীত’’ৰ (১৯২৫) পাতনি লোক-সাহিত্যৰ মূল্যাঙ্কনৰ ফালৰ পৰা পথ-প্ৰদৰ্শক। এওঁৰ বোধ-হয় আটাইতকৈ ডাঙৰ কাম......নানা গৱেষণা কৰি লিখা “আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী” (১৯৩৭)। ইয়াৰ পিছত ওলোৱা ‘’অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ভূমুকি”তো (১৯৪০) কিছু নতুন বাট ভাঙিবৰ যত্ন দেখা যায়।” ‘অসমীয়া সাহিত্যৰ প্ৰথম যুগ-বিভাগ কৰিছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে। নানা কাৰণত সেই বিভাজন বৰ্ত্তমানে অপ্ৰচলিত হৈছে। সাহিত্যৰ ইতিবৃত্ত ৰচনাৰ আন এজন পথ-প্ৰদৰ্শক ডিম্বেশ্বৰ নেওগ...৷” অসমীয়া সাহিত্যৰ ৰূপৰেখা, ১৯৬২

( ২ )

“স্বৰবৃত্ত ছন্দ-ৰীতিত পৰিপূৰ্ণতা দেখুৱাবলৈ সক্ষম হৈছিল.....ডিম্বেশ্বৰ নেওগ...... | অনুৰূপ মাত্ৰাবৃত্ত ছন্দৰ সঠিক স্পন্দনো ধৰা পৰিছিল এই..... কৱিৰ হাততে।” “এই মিশ্ৰ ছন্দ-সজ্জা ৰচনা সম্ভৱপৰ হৈছিল ইংৰাজী ছন্দৰ পোহৰত সংস্কৃত ছন্দ আৰু ফাৰ্ছী ছন্দৰ প্ৰতি মনোনিবেশ কৰাৰ ফলত।