পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
অসমীয়া সাহিত্যৰ অধ্যয়ন


বিষয়ে আৰু এটি কথা কব লগীয়া। ইয়াৰ কোনো ভাষাতে কোনো নিৰ্দ্ধাৰিত সীমা নাই। অৱশ্যে ই যেতিয়ালৈকে সাধাৰণ ভাল মানুহৰ পৰিয়ালৰ ভিতৰত আৰু সজ সাহিত্যত ব্যৱহৃত হয়, তেতিয়ালৈকে ইয়াক দোষণীয় বুলিব নোৱাৰি। কোৱা আৰু লিখাত ব্যৱহাৰ কৰা কিছুমান লঘু কথাও ইয়াৰ লগত ধৰিব লাগিব। ইংৰাজী আৰু আন আন উন্নত সাহিত্যৰ পুৰণি প্ৰসিদ্ধ লেখকসকলৰ লিখাত উভয় ধৰণৰ মাত-কথাৰ একেবাৰে অভাৱ দেখা হয় বুলিলে সত্যৰ অপলাপ কৰা হয়। সাধাৰণ ইংৰাজী ‘লঘু কথা’ (স্লেং ৱৰ্ডছ )ৰ অভিধান এখন মেলি ললেও তাত পাচিয়ে পাচিয়ে নহলেও এখৰাহি এনে শব্দ ওলাব যিবোৰ ইংৰাজী কওঁতসকলৰ মুখত আখৈ ফুটাদি ফুটে। অসমীয়া পটন্তৰৰো সেইদেখি ভাল-বেয়া অৰ্থাৎ ‘ইতৰ’ ( ভলগাৰ) লঘু (স্লেং) বাচোঁতে আমি বৰ্ত্তমান সম্পূৰ্ণ আমাৰ ৰুচি অনুসাৰে নাবাচি সেইবোৰ যথাৰ্থতে “ঘৰৰ বুঢ়া, পথাৰৰ মুঢ়া” সকলে আৰু আনেও অলপ দিনৰ আগতে আৰু এতিয়ালৈকে যেনেকৈ ব্যৱহাৰ কৰিছিল আৰু কৰিছে, তাৰ লগত মিল ৰাখি আৰু তেওঁলোকে কোৱা মতেহে ধৰা নিৰ্ভুল হব। য’ত কেৱল এটা বৰ্ত্তমান প্ৰায় অশ্লীল বুলি ভবা শব্দৰ কাৰণে এটা সুন্দৰ অৰ্থৰ যোজনা এৰা পৰিব লগীয়া হয়, আমি তাৰ সংৰক্ষণৰ উপায় বিচৰা উচিত। এনে ঠাইত কেৱল বাঞ্ছা কৰিব পাৰি যেন তাৰ আভৰণে বৰ্তমানে আমাৰ সভ্যতাৰ কাৰণে কেৱল আঁঠুৰ মুৰ দুটা ঢাকিলেহেতেন। কিন্তু এনে আন কিছুমান যোজনা আছে হয়বা তাক কোনোমতেই ৰক্ষা কৰিবৰ উপায় নাই। সি যি চিত্ৰ আমাৰ মনৰ চকুৰ আগত দাঙি ধৰে সেই চিত্ৰ যদি সুন্দৰ নহয়, তেন্তে তেনে পটন্তৰ অকল সাহিত্যৰ পৰাই কিয়, আমাৰ জাতিৰ মনৰ পৰাই মচ নিয়াবলৈ আমাৰ যত্ন হোৱা উচিত, ভৱিষ্যত বংশধৰসকলৰ মনত যাতে তাৰ শিপা বগাবলৈ কোনো চেলু নাপায়। কিন্তু কাল্পনিক চিত্ৰ নথকা বুলিয়ে এটা চহা মলিন শব্দ আমি নভবা-নিচিন্তাকৈ দলিয়াই পেলাব নালাগে, কিয়নো হয়বা তাৰ বিশেষ অৰ্থ বা মৰ্মই তাৰ কেটুৰী-কলীয়া সাজ-পাৰৰ ক্ষতিপূৰণ কৰি দিব পাৰে। কিন্তু সাধাৰণতে প্ৰচলিত নোহোৱা পটন্তৰ এটাৰ বিষয়ে এই কথা নাখাটিব। শুদা ধৰ্ম সম্বন্ধীয় সাঁথৰ স্বৰূপেই সাধাৰণতে চলিত হোৱা কথাবোেৰ পটন্তৰৰ শাৰীত ঠাই দিয়াৰ বিশেষ আৱশ্যকতা নাই।

 দুখৰ কথা, এতিয়ালৈকে অসমীয়াত বৈজ্ঞানিকভাৱে জুকিওৱা আৰু নিখুত