পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 


হাঁহি-ধেমালিৰ ছাঁ পেলাই সেই সন্তাপ গুচোৱা হয়। উদাহৰণ ৰূপে, “বাই, বাইলুঙনী! উঠি পীৰা এখন দিলোঁহেঁতেন, মই হলোঁ শইকীয়ানী;" "বাপুৰ ডাঢ়িত ছুৱা লাগিল, আচাৰ মাৰিলেই শুচি; শূদিৰৰ গাত ছুৱা লাগিল, পৰাচিত হলেহে শুচি;” “আগৰ কমলাবৰীয়াই ধুই খায় খৰি; এতিয়াৰ কমলাবৰীয়াই খাবলৈ নিতিয়ায় ভৰি;" “চহাই বেহা শিকিলে, ৰাতিকে দিন যেন দেখিলে;” “বামুণে শগুনে বিচাৰে মৰা, গণকে বিচাৰে নৰিয়া-পৰা; “যাৰ জহত শাঁখ-সেন্দুৰ, তাক পাতিছে ভেকোৰা এন্দুৰ;" "নমো নমো পাৰিজাত, কুকুৰে চুলে বাহী গত" ইত্যাদি ইত্যাদি এপোণ দহঁৰা পটন্তৰে যেনেকৈ আমাৰ সামাজিক দুৰ্বলতাবোৰ কঠোৰ ন্যায়ৰ তুলাচনিত জুখি পেলাইছে, সেইদৰে আকৌ “আগত এটা পিছত এটা হলে অকলে যাব পাৰি, গাখীৰে-গুৰে হলে শুদায়ে খাব পাৰি;’’ “ত’তে থাওক এখেতে কান্দো, ভৈয়াইক আনি দিয়া বুকুতে বান্ধো;” “তিনিও মেলোনা থাকিল চাই, খোদাইটো ওলাল ভোবোকাই;” “মাজ মুৰত নাই চুলি, পৈয়েকে মাতে ৰূপহী বুলি;’’ “চাপি আহা চুমা খাওঁ, পেট ডাঙৰ ঢুকি নাপাওঁ;” “মোমাই। মোমাই!” “কিহৰ ভোমাই ভোমাই, হেৰ’ কিহৰ ভোমাই, ভোমাই?” “মোমাই! আঠিয়া কলে বোকা চাউলে।” “ওঁ, আহা তেনে সোমাই।" “তোমাৰ বাৰীৰে বাঁহগাঁজ খুন্দি তাৰে কৰিছো খৰিচা; তাকে দি তোমাৰে ধান সলাইছোঁ, কথাটো মন কৰিছা?" ইত্যাদি ইত্যাদি আন দহ বুৰিয়ে আকৌ সেই তিতা মাৰি মনক এটি বিমল আনন্দ দিয়ে।

 এইবোৰ সাধাৰণ পটন্তৰৰ বাজেও আন দুবিধৰ কথা উল্লেখ কৰিব লগীয়া —কিছুমান ধৰ্ম আৰু আৰু কিছুমান ইতৰ ভাবৰ ব্যাখ্যা থকা। ইয়াৰ প্ৰথম বিধৰ যোজনাবোৰ যেনেকৈ ধৰ্ম-ভাব আদিৰে পৰা লাগি আহিছে বুলি সঠিক কব নোৱাৰি, সেইদৰে পিছৰ বিধতো যে আদিতে সেই ভাবৰ চোকা গোন্ধ আছিল, তাৰ সহজে লৈ লবলৈ টান। সি যি হক, “বাৰ হাত জলৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা; ৰৌ-বৰালি সৰকি গল, পুঠি-খলিহা পাহে পাহে ৰ’ল;” “কথিলেই কথা, মথিলেই ঘিউ; ভাতত দিয়া হাঁহকণীৰ কেনি যায় জীউ" আদি ধৰ্ম-ব্যাখ্যা থকা কেৱল দুই এটি প্ৰথম বিধৰ। পিছৰ বিধৰ সাধাৰণ ভাল মানুহৰ পৰিয়ালত প্ৰচলিত কিছুমান যোজনাত বাজে বাকীখিনি সৰবৰহী বুলি আমাৰ বিশ্বাস নহয়। ইতৰ ( ভল্গাৰ) কথাষাৰৰ