পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
পটন্তৰ-মালা—ফকৰা-যোজনা


প্ৰতিধ্বনিতেই আমাৰ মনেৰে ছন্দৰ জন্মস্থান, আৰু শব্দৰ ধনি দোহৰাই ইয়াৰ বাহ্যিক পৰিচয়।

 তথাপি বৰ্ত্তমান ছন্দৰ নিয়ম-কাৰণ সম্পূৰ্ণ আধুনিক, আৰু এই স্বাভাৱিক ছন্দেৰে কোৱা পটন্তৰবোৰৰ গঢ়েই ইয়াৰ পূৰ্ব অৱস্থা হয় নে নহয় চোৱা হওক। ইউৰপীয় পুৰণি সাহিত্যলৈ যদি এবাৰ চকু ফুৰোৱা হয়, তাত আদিতে এই ছন্দৰ চিন-চাব বিচাৰি পাবলৈ নাই, আৰু পোনতে যেতিয়া পুৰণি গ্ৰীক্ আৰু লেটিন ভাষাৰ কবিসকলৰ লিখাত তাৰ পূৰ্ব আভাস জিলিকি উঠিছিল, তেতিয়া ই সচাকৈয়ে অভাৱনীয় কথা। শব্দৰ ধ্বনি দোহাৰিবৰ কাৰণে পুৰণি কবি- সকলৰ কোনো কোনো প্ৰমৰ স্বাভাবিক প্ৰবৃত্তি, আৰু কবি ভাৰ্জিলৰ লিখাত এশাৰী বাক্যৰ শব্দটোৰ শেষ অংশৰ লগত মাজৰ শব্দ এটাৰ শেষ অংশৰ ধ্বনি মিলাৰ নিচিনা শাৰী ভালেমান পোৱা হয়। এইদৰে শব্দ-ধ্বনি মাজৰ পৰা শেহত মিলাত তেওঁলোকৰ কাণত এইবোৰ বৰ্ত্তমানৰ পদ্যৰ দৰে সুশ্ৰাব্য লগাত বাধা হৈছিল বুলি কব নোৱাৰি। এই বিধৰ ছন্দক "লিয়নিম ছন্দ” বুলি জনা হৈছিল; কিয়নো লিয়নিয়াছ নামে কোনো খৃষ্টান ভিক্ষু এজনে অ’ন্ড টেষ্টামেন্টৰ বুৰঞ্জী এখন নিয়মমতে এই ছন্দত লিখিছিল। ইয়াৰ পাছত ক্ৰমে অনুপ্ৰাস আৰু ব্যঞ্জনান্ত শব্দৰ ধ্বনি দোহাৰিলে কাণত সুত লগা হয়, আৰু তাৰ পাছত স্বৰবৰ্ণৰ শব্দৰ ধ্বনি সেইদৰে মিলোৱা হ’ল, আৰু শেষত এই দুই নিয়ম গোটাই শব্দাংশবোৰৰ পৰা একোটা সম্পূৰ্ণ শব্দৰ ধ্বনি দোহাৰিবলৈ চেষ্টা কৰা হয়। তাৰ লগে লগে ছন্দ এই নিয়ম-কাৰণ অলঙ্কাৰ শাস্ত্ৰত ঠাই পায়, আৰু বাক্যৰ শাৰীৰ শেষফালে এই শব্দৰ ধ্বনিৰ মিল ৰখাৰ লগে লগে। বৰ্ত্তমান ছন্দৰ নিয়ম সম্পূৰ্ণ হয়॥

 এই অৱস্থাটোকে অসমীয়া পটন্তৰ-মালাৰ আদিৰ পৰা অন্তলৈ দেখা হয়। অনুপ্ৰাস-বিলাসিতা আৰু ব্যঞ্জনান্ত ধ্বনিৰ ঐক্য ৰখাৰ আদি চিন এতিয়াও প্ৰায়বোৰ লিখিত ভাষাতে মচ যোৱা নাই। ইংৰাজী এংল’-ছেক্সন কবিতাযৰ লগত বৰ্ত্তমানৰ ঘাইকৈ টেনিছন্ আদিৰ কবিতা সামঞ্জস্য ৰাখি পঢ়িলেই এই আদি আৰু পৈণত অৱস্থাৰ প্ৰভেদৰ এটি ভাল ধাৰণা পাব পাৰি। মাজত ছন্দ মিলা আৰু কেৱল ব্যঞ্জনান্ত ধ্বনিৰ সমাবেশ থকা অসমীয়া পটন্তৰৰ উদাহৰণ অনেক পোৱা হয় :—“কাউৰী টেঙৰ নে মাউৰী টেঙৰ;” “দায় নাই দেৱলীয়া, তিৰি নাই কেৱলীয়া।” “মাক মৰা মাউৰা, বাপেক মৰা কোঁৱৰ;