পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
অসমীয়া সাহিত্যৰ অধ্যয়ন


“কিনো পৈ হুতাই-তাই, লোন সানিবলৈ তৎ নাপায়।” “ঘৰৰ বুঢ়া, পথাৰৰ মুঢ়া।” “যেতেকতে নাটিছে, তেতেকতে ফাটিছে” ইত্যাদি। ইয়াত স্বাভাবিক ছন্দত দীঘল-চুটিৰ সাধাৰণতে কোনো নিৰ্দিষ্টতা নাই; স্বভাৱতে যেনেদৰে মিলিছে, সেয়ে ইয়াৰ ছন্দ। কিন্তু ইয়াৰ পৰাই যে অলপ উন্নত কৰি ছন্দৰ নিয়ম ক্ৰমে বান্ধি-ছাটি পদ, দুলৰী, লেছাৰি আদি বেলেগ বেলেগ ছন্দলৈ ইয়াক নিয়াটো সম্ভৱপৰ হব পাৰে, গোটেই পটন্তৰখিনিৰ ওপৰত এবাৰ চকু ফুৰাই চালেই সেইটো ধৰা পৰে।

 এতিয়া জীৱনৰ অভিব্যক্তি স্বৰূপে এই তৰপৰ সাহিত্যৰ বিশেষ মূল্য কি তাকো ভালকৈ মন কৰিব লাগে। এশৰ অভিজ্ঞতা, এজনৰ বাণী’,—ৰছেলে কোৱাৰ দৰে এয়ে পটন্তৰ মৰ্মকথা। যুগ-যুগান্তৰৰ অগ্নি-পৰীক্ষাইদি সৰকি অধিক চিক্ মিকাই অহা আৰু একোটা জাতিয়ে বুকুৰ তেজেৰে লিখি পিছৰ যুগলৈ সঁচি ৰাখি থোৱা ই অমূল্য সম্পদ। ইয়াৰ বলতে সংসাৰ-সমুদ্ৰত একোটা জাতিৰ কোটি কোটি লোকৰ জীৱন-তৰীৰ গুৰি-বঠা স্বভাৱতে চালিত হয়। অকল ইমানেই নহয়, এইবোৰ জীৱনৰ নিৰপেক্ষ তীব্ৰ সমালোচনা; এই শ্ৰেণীৰ পটন্তৰ প্ৰতিটোৱেই আমাৰ অনভিজ্ঞ জীৱনৰ খুত, ভেম আৰু অসম্পূৰ্ণতাবোৰলৈ যেন এনে অন্তৰ্ভেদী চোকা দৃষ্টিৰে চাই আছে, নাইবা তালৈ এনেদৰে আঙুলি টোঁৱাইছে যে আমি ধৰা পৰাৰ ভয়ত ততালিকে সেইবোৰ শুধৰাই লবলৈ বাধ্য হওঁহঁক। সাধাৰণতে এই শ্ৰেণীৰ পটন্তবোৰ যেনে জ্ঞানগৰ্ভ, তেনে সুনিশ্চিত; নহয় বুলিবৰ কাৰো বাপৰ-শকতি নাই,—যেন সংসাৰ-জ্ঞানী অভিজ্ঞতাৰ নিজ মুখৰ পৰা আপোনা-আপুনি সৰি পৰা একোটি আকাশী-বাণীহে। “দুখীয়াই কথা কয়, কথাত নিদিয়ে কাণ, চহকীয়ে কথা কয় গাখীৰে-গুৰ সান;" “বঙহে মঙহ খায়, বঙহ নহলে মঙহ পেলনি যায়;’’ “খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা;’’ “লাগনি নহলে জুই নজ্বলে, টুটকীয়া নহলে গাঁও নবহে;” “বণিয়াৰ দিম দিম, কমাৰৰ কালি; কৈৱৰ্ত্তৰ ৰৌ মাছ হাততেই পালি;” “যাৰ নাই গৰু বৃন্দাবনত চাৰে, যাৰ নাই তিৰি একেচৰে মাৰে;" “বুঢ়াই-লৰাই ঘৰখন, ডোখোৰাই- ডুখৰিয়ে জুহালখন;” ইত্যাদি ইত্যাদি আৰু এহেজাৰ এটা কথা অচল অটল সত্য নহয়নে? কেতিয়াবা এই সত্য-সূৰ্য্যৰ দুপৰৰ তীক্ষ্ণ অগ্নিবাণ কাৰোবাৰ প্ৰতি বিশেষকৈ টোৱাঁই মাৰি পঠিওৱা হয়, কেতিয়াবা আকৌ হঠাতেই তাত