পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪০
অসমীয়া সাহিত্যৰ অধ্যয়ন


বোৰক খিজিলিয়াইছে।” যেন সিহঁতে সচাকৈয়ে মালতীৰ ভাগ্য-বিপৰ্য্যয়কে বিদ্ৰূপ কৰিছে।

 সেই একে জাতৰে আন এটি দুৰ্ভগীয়া “মালতী’’-ফুল দেখা পাওঁ “অদৃষ্ট’’ৰ কাঠ-হাঁহিত। জ্ঞাতি-কুটুম, ভাই-ককাইৰ পৰামৰ্শমতে সাত কুৰি টকাত টেপু বাপুৰ বন্ধা সোমাই এশ টকা আনিছিল আৰু তাকেই খৰচ কৰি ঘাট-মাউৰী মালতীৰ লগত বিয়াখন পাতিছিল। আগৰ ধনীৰ লৰা ধনীৰাম স্বভাৱতে সুখী হলেও আজি সি বামুণৰ বন্ধা; “পুৱাৰে পৰা ৰাতি দেৰ পৰলৈ ধনীৰামে একে গাঁৱতে থাকিও ঘৰক এবাৰ আহিবৰ, নাইবা নতুনকৈ বিয়া কৰাই অনা ছোৱালীজনীৰে সৈতে এবাৰ সুখ-দুখৰ কথা পাতিবৰ সময় নাপাইছিল।” তথাপি কথা একেটাই। “হাল লৈ যোৱাত পলম হল, খালে বামুণ-খোৱাই; পথাৰৰ পৰা অহা সোনকাল হল, মোহিনীয়েক বাঁৰী-হোৱাই বাৰীত বহি থাকিল।” আৰু কত কি সুমিষ্ট সম্ভাষণ! তেও “ধনীৰামে কাকো এক আষাৰ কথা নকয়; নিজ মনে কাম কৰে আৰু বোৱাই-থোৱাই পেটত এমুঠি পেলাই বামুণ-বামুণনী শুলে নিশা ঘৰক যায়।”

 গুটীয়াভাৱে লেখক নিজে চিৰসৌভাগ্যৰ কোলাত লালিত-পালিত; “মালতী” বা “বামুণৰ বন্ধাতকৈ’’ তাৰ বিপৰীত পক্ষৰ লগত হে তেওঁৰ সম্বন্ধ স্বাভাৱিক। কিন্তু প্ৰকৃত সাহিত্যিক স্বৰূপে তেওঁ হীন স্বাৰ্থপৰতাতকৈ বিৰাট মানৱীয় সহানুভূতিৰ “বন্ধা” হবলৈহে বাধ্য; কিয়নো যুগে যুগে সাহিত্যৰ মনস্বীসকলৰ বাণী এক, আৰু সেয়ে হৈছে মানন্নীকৰণ আৰু সাম্যবাদ। অমৰ ফৰাছী ঔপন্যাসিক ভিক্টৰ হিউগৰ ‘দীন-দুখী’, ৰাছিয়াৰ মেক্সিম গৰ্কীৰ ‘মাতৃ’ আদি অমৰ গ্ৰন্থ তাৰে যুগমীয়া জলন্ত উদাহৰণ।

 “পশুপতিৰ বিয়া” আদি গল্পও সেই শাৰীৰে। “সন্যাসিনী”ত তিৰুতাৰ প্ৰাণৰ কথা ফুটি ওলাইছে। “দেখা-দেখি”, “গল্পটিতে সেইদৰে আমাৰ আধুনিক জীৱনৰ আন এটি চিত্ৰ-পট নিখুত হৈ জিলিকিছে।

 মুঠতে শৰৎচন্দ্ৰ অসমীয়া চুটি সাধুৰ এজন কৃতী শিল্পী; এই আধুনিক কলা যে তেওঁ অসমীয়া সাহিত্যত সাৰ্থকৰূপে ব্যৱহাৰ কৰিব পাৰিছে “গল্পাঞ্জলি’’ৰ উপৰিও তাৰ পিছৰ গল্পৰ কিতাপকেখনে তাক সুপ্ৰমাণিত কৰিছে।

জেউতি", ১২ বছৰ, ৩য় সংখ্যা; শীত, ১৮৬১ শক।