“ঘৈণীয়েক : তেওঁ বেয়া বোলাটো বাৰু থৈ দিয়ক। কওকচোন আপুনি
কৰ নে নকয়? মোৰে শপত কব।" শেহৰ কথা আষাৰ যেন কান্দোনৰ
সুৰত বাজি আহিল, আৰু তেওঁ একেচাবে উঠি গৈ ঘৰৰ পিৰালিত ফেকুৰিবলৈ
ধৰিলে। কেৰাণীয়ে “ও আই, এইটোও কি দায়-লগা কথা হল নে?
আহাঁ, সুভা! আহাঁ। ক'ম বাৰু, তুমি নাকান্দিবা।” এই বুলি ঘৈণীয়েকক
হাতত ধৰি ভিতৰলৈ লৈ আহিল।”
ইয়াত চুটিসাধু-লেখকৰ পৰ্য্যবেক্ষণ, চৰিত্ৰ অধ্যয়ন, সুৰুচি আৰু উদাৰ সহানুভূতি সকলো গুণ আৱশ্যকীয়মতে ফুটি ওলাইছে। কাব্যৰ চতুৰ্দ্দশপদীৰ দৰে চুটিসাধুৱেও নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত থাকি সীমাৰ ওপৰেদি কিদৰে ভাবৰ ঢৌ ওফন্দাই ওপচাই পঠিয়াব পাৰে, এই সাধুটিত তাৰ আভাস পাব পাৰি।
“ঘুনুচা’’ৰ চিত্ৰও সেইদৰে এটি শ্নেপশ্বট্! তাত অকল অভাগিনী ঘুমুচা আৰু তাইৰ দুৰ্ভগীয়া পে মণিৰামেই জিলিকা নাই; তাত আৰু জিলিকিছে “খাব-নোপোৱা মানুহৰ নিচিনা ঘৰটিৰ চালৰ কামিবোৰ; সমাজে গাৰ বলেৰে পতা “ব্যভিচাৰিণী” ঘুনুচাক দেখি প্ৰথমতে ৰাম-বিষ্ণু স্মৰণ কৰিলেও পাছত তাইৰ হাতৰ পৰা কাৰবাৰ পৰা মাগি-খুজি নিয়া টকা এটি “স্বস্তি” বুলি গ্ৰহণ কৰিবলৈ পাই “বাৰিষাৰ বৰষুণৰ নিচিনা আশীৰ্ব্বাদৰ অজস্ৰ ধাৰ পেলাই প্ৰস্থান” কথা ‘গুৰুদেৱ”! “এতিয়া গুচা নাই, মণি- ৰামো নাই; ঘুনুচা বা মণিৰামৰ কোনো আত্মীয় জনো নাই। কিন্তু নৈৰ পাৰৰ সেই ঠাইখিনিত এজনী পাগলী বহি বহি মাটিৰ দেৱতা বামুণ গঢ়ি তাৰ ওপৰত নানাপ্ৰকাৰ অত্যাচাৰ কৰা বহু বাটৰুৱাই দেখিছে; আৰু মাজে মাজে নৈৰ নিস্তব্ধতা ভেদ কৰি কান্দোনৰ কাতৰ স্বৰ আকাশ ছানি উঠাও বহুতে শুনিছে।” অকল বহুত বাটৰুৱাই নহয়, বহুত পাঠকেও নিশ্চয় এতিয়া তেনে দৃশ্য নেদেখি আৰু তেনে স্বৰ নুশুনি নাথাকিব।
“নৈৰ দাঁতিত” আমি আৰু তেনে এটি পোহৰ-চিত্ৰ দেখিবলৈ পাওঁ ‘ঘৰটিৰ চালৰ লগত খেৰৰ মনোবাদ” হোৱা, “ভাত ৰন্ধা আখাৰ পৰা পানী মিহলি হৈ ঘৰৰ ভিতৰতে নতুন প্ৰয়াগ সৃষ্টি” কৰা আন এজনী দুৰ্ভগীয়া তিৰুতা মালতীৰ পজাত। তেতিয়া বৰষুণ এৰিছিল মাথোন; “কান্দনৰ পাছত ঘৰ মুখৰ হাঁহিৰ নিচিনা, সূৰ্য্যৰ কিৰণে গছৰ আগ জিকমিকাই দিলে”; “কেইটামান টিনৰ ঘৰে বগা মুখ কেইখন উলিয়াই ওচৰৰ গছ-