পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭০
অসমীয়া সাহিত্যৰ অধ্যয়ন


 প্ৰাদেশিক স্বৰূপে অৱশ্যে জাতীয় প্ৰতিভা অনুসৰি এই কল্পনাত সামান্য হীন-ডেড়ি দেখা পোৱা হয়; যেনে, দলীয় বৈষ্ণৱ ধৰ্মৰ ৰাধা-কৃষ্ণৰ যুগল উপাসনা আৰু তাৰ লগৰীয়া পৰকীয়া ভাব এটা। ই সমগ্ৰ ভাৰতীয় পুৰণি সাহিত্যৰে এটা নোহোৱা-নোপজা কথা; ভাগৱত-গীতা পুৰাণ-ভাগৱত আদি আটাইৰে আচহুৱা। পোনতে পুৰাণৰ পেট-মোচা নতুন ব্ৰহ্মবৈৱৰ্ত্ত খণ্ডত ৰাধাৰ জন্ম; তাৰ পৰা জয়দেৱ, বিদ্যাপতি আৰু চণ্ডীদাসৰ গীত-মাতৰ ভিতৰেদি চৈতন্যদেৱ প্ৰচাৰিত ধৰ্মত তাৰ প্ৰৱৰ্ত্তন। অসমীয়া বৈষ্ণৱ সাহিত্যত ৰাধাৰ প্ৰাধান্য নাই, কিন্তু ব্ৰজ গোপীসকলৰ ভিতৰত ৰাধাও এগৰাকী। বঙ্গীয় সাহিত্যৰ যিটো মধুৰ ভাব, অসমীয়াৰ সেয়ে নিৰহ-নিপানী ভাগৱতী পথৰ নিষ্কলঙ্ক দাযস্য-বাৎসল্য ভাব।

 লিখিত সাহিত্যৰ কথা এৰিও, মৌখিক সাহিত্যত কৃষ্ণ-লীলাৰ সৌৰভেৰে আমোল-মোলোৱা বন-ফুলৰ লেখো নিছেই তাকৰ নহয়। কৃষ্ণ নাম যেন অনন্ত বসন্ত,—চিৰদিনেই যে ভক্তৰ হৃদযু-বনত এই বসন্ত আসন্ন! ধৰ্মপ্ৰচাবক মহাপুৰুষসকলৰ যে কথাই নাই, সৰ্ব-সাধাৰণৰ মনতো কৃষ্ণ-লীলাৰ কাহিনী কেনেকৈ কৰাৰল মাৰি লাগি ধৰে তাক মুখে মুখ ৰচি গোৱা দিহা-নামৰ ঘোষাবোৰৰ পৰাই ভালকৈ মন কৰিব পাৰি। এই ঘোষাবোৰ মুখ্যভাৱে বৈষ্ণৱ সাহিত্য-তৰুৰ ঠাল-ঠেঙুলিত মেলা পোৱা। ঘাইকৈ কৃষ্ণৰ শিশু-লীলা বিষয়ক বাৎসল্য-ৰসপূৰ্ণ ঘোষাবোৰেই সিহঁতৰ ভিতৰত সকলো-জিনা বা সৰ্ব- গ্ৰাসীৰূপে দেখা দিয়ে।

 ৰাম অৱতাৰত ভক্ত ঋষি-মুনিসকলে হেনো তেওঁৰ শৰীৰ-স্পৰ্শ-সুখৰ যি হাবিয়াষ কৰিছিল, তাৰ পূৰণৰ বাবেই কৃষ্ণ অৱতাৰত গোপীৰূপে সেই সকলৰ জন্ম। সি যি হওক, সেই গোপীসকলৰ দৰেই সকলো বৈষ্ণৱ কৃষ্ণ- প্ৰাণ; মুনিহ-তিৰুতা আটাইৰে বাবে কৃষ্ণ আপোন, জীৱৰ জীৱন। এই হেপাহতেই মাক-বাপেকে লৰাৰ নাম ৰাখে কৃষ্ণনাথ, কৃষ্ণকান্ত, কৃষ্ণচন্দ্ৰ, কৃষ্ণপ্ৰাণ; আৰু কত কি! কৃষ্ণ-মূৰ্ত্তি প্ৰতি হৃদয়ত অঙ্কিত আৰু তাৰ চিনৰূপে এই ঘোষাবোৰত অসমীয়া ঘৰুৱা জীৱনৰ মাধুৰী ডাঠকৈ সনা আছে। সাহিত্যত এই গীতবোৰৰ মূল্য সম্পৰ্কে এয়ে নিৰ্ভুল প্ৰমাণ।—

“নন্দৰ ঘৰে কানাই তুমি আছিলাঁহা সৰু৷
কোন সতে নন্দে তোমাক ৰাখাইছিলে গৰু॥’’