পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
ৰামায়ণী গীত—দুৰ্গাবৰ কায়স্থ


কৰ্কটীৰ গৰ্ভ যেন মৃত্যুৰ কাৰণ।
তথা বিধ মানি আমি তোমাৰ ধাৰণ।”

কবীন্দ্ৰ পাত্ৰ যেনে কবি, তেনে মন্ত্ৰী আৰু তেনে যোদ্ধা আছিল। গুৱাহাটীৰ আগৰ কমিস্যনাৰ অফিছত নৰনাৰায়ণৰ আগত চিলাৰায় আৰু তেওঁৰ লগতে কবীন্দ্ৰ অন্যান্য ৰণুৱাবিলাকৰ লগত যুজৰ সাজ পিন্ধি থকা এখনি বিতোপন চিত্ৰ সুৰক্ষিত আছিল। বাণীনাথ কবীন্দ্ৰ পাত্ৰ বিচক্ষণ অসমীয়া ছাৰ ফিলিপ ছিদনি।

⸻⸻

ৰামায়ণী গীত—দুৰ্গাবৰ কায়স্থ


পুৰ্ব-বৈষ্ণৱ অসমীয়া সাহিত্য পাৰদৰ দৰে চঞ্চল; অন্ততঃ তাৰ কবি সকলক, আন নালাগে একেজন কবিকে বিভিন্ন ভণিতাৰ পৰা, বৈষ্ণব বুলি ঠাৱৰাবলৈ যোৱা নিৰাপদ নহয়। তথাকথিত প্ৰাকবৈষ্ণব কবি হৰিহৰ বিপ্ৰৰ অশ্বমেধ পৰ্বৰ ভাঙনিৰ ভণিতাৰ আত্মপৰিচয়ত আছে—

“জয় জয় নৰপতি, দুৰ্লভ নাৰা’ণ ৰজা, কামৰূপে ভৈলা বীৰবৰ।
সপুত্ৰ বন্ধৱে যেৱে, সুখে ৰাজ কৰন্তোক, জীৱন্তোক সহস্ৰ বৎসৰ॥
তাহান ৰাজ্যত থিত, সাধুজন মনোনীত, অশ্বমেধ বিৰচিত সাৰ।
বিপ্ৰ হৰিহৰ কই, গৌৰীৰ চৰণ সেই পদবন্ধে কৰিলোঁ প্ৰচাৰ॥”

ঠিক এই ভণিতাৰ আত্ম-পৰিচয়ৰ পাঠান্তৰত পোৱা হয়—

“জয় জয় নৃপবৰ, দুলৰ্ভ নাৰা’ণ ৰাজা, কামাখ্যা গোসানী দেন্ত বৰ;
সপুত্ৰ-বান্ধৱে নিতে, সবান্ধৱে মনোনীতে, জীৱন্তোক সহস্ৰ বৎসৰ॥
তাহান ৰাজ্যত থিত, সৰ্বজন মনোনীত, অশ্বমেধ পদমধ্যে সাৰ।
বিপ্ৰ হৰিহৰ কবি, হৰিৰ চৰণ সেৱি, পদবন্ধে কৰিলোঁ প্ৰচাৰ।”

ইয়াত কৰি “গৌৰী”ৰ এন “হৰি’’ৰ, নে দুইৰো, সেৱক, ধৰা আহুকাল। অন্যতম মুখ্য মনসা কবি দুৰ্গাবৰে সেইদৰে ৰামায়ণী গীত ৰচিছিল; আৰু