সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
অসমীয়া সাহিত্যৰ অধ্যয়ন


 কবীন্দ্ৰ মহাভাৰত বঙলা কাশীদাস মহাভাৰততকৈ যে বহুত আগৰ তাত সন্দেহ নাই; সম্ভৱ ই বাম সৰস্বতীৰ মহাভাৰততকৈও অলপ আগৰ হব। কাশীদাসী সস্তীয়া মহাভাৰত অসমকে আদি কৰি প্ৰায় সমগ্ৰ উত্তৰ ভাৰতত বিয়পি নপৰালৈকে অন্ততঃ বৰ্ত্তমান উত্তৰ বঙ্গ আৰু নামনি অসমত কবীন্দ্ৰ মহাভাৰতৰ বিপুল প্ৰচলন আছিল বুলি অনুসন্ধানৰ পৰা জানিব পাৰি।

 “যাহা নাই ভাৰতে, তাহা নাই ভাৰস্তে।” মহাভাৰতত নোহোৱা কথা পৃথিবীতে নাই বুলিও কয়। এনে মহাভাৰত এখনি এদিনত শুনি অঁতাব পৰাকৈ পদত ৰচনা কৰা সামান্য কবি-প্ৰতিভা আৰু এলা-পেচা পাণ্ডিত্যৰ কথা নহয়। কবীন্দ্ৰই মূল সংস্কৃত মহাভাৰতকে আগত লৈ তেওঁৰ, সম্ভৱ এই প্ৰথম, দেশী ভাষাৰ মহাভাৰত যে লিখিছিল, দীনেশ সেনে দেখুওৱা উদাহৰণটিৰ পৰাই বুজিবলৈ বাকী নাথাকে—

“মুৰ্দ্ধিঃ ত্বাং বাসয়েধং বৈ সংসয়ো মে ন বিদ্যতে।
ন চেদিচ্ছতি ৰাজা ত্বাং গচ্ছৎ সৰ্বেন চেতসা॥
স্ত্ৰীয়ো ৰাজকুলে যাশ্চ যাশ্চেমা মম ৰেশ্মনি।
প্ৰসক্তাস্তাং নিৰীক্ষন্তে পুমাংসং কং ন মোহয়েঃ॥
ৰাজা বিৰাটঃ সুশ্ৰোণি দৃষ্ট্বা বপুৰ মানুষম্।
বিহায় মাং বৰাৰোহে ত্বাং গচ্ছেৎ সৰ্বচেতসা॥
অধ্যাৰোহেদ্ যথা বৃক্ষান্ বধায়ৈবাত্মনো নৰঃ।
ৰাজৰেশ্মনিতে সুভ্ৰু অহিতং স্যাত্তথা মম॥
যথাচ কৰ্কটী গৰ্ভমাধত্তে মৃত্যুমাত্মনঃ।
তথাবিধমহং মন্যে বাসস্তৱ শুচিস্মিতে॥

“মাথে কৰি তোমাকে ৰাখিতে আমি পাৰি॥
স্ত্ৰীসৱ দেখিলে তোকে নাৰে পাসৰিতে॥
পুৰুষ কিমতে ধৈৰ্য্য পাৰয়ে ধৰিতে॥
ৰাজাই দেখিলে তোক মজিবেক মন॥
বলে কৰি ধৰিবেক ৰাখিবেক কোন॥
আপন কন্টক মুঞি আপনে কৰিব॥
মৃত্তিকাতে বিষ-বৃক্ষ আপনে ৰোপিব॥