পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫০ ]

 
অন্বয় প্ৰকৰণ।
বাক্য।

 অনেক কথা যথাক্ৰমে স্থাপিত হ’ই ভালকৈ অৰ্থ বুঝালে তাক বাক্য বোলে। বাক্যত যি যি কথা থাকে তাৰ কোন্‌টো নো কি পদ অৰ্থাৎ বিশেষ্য কি বিশেষণ কি আন প্ৰকাৰ আরু কোন্‌টো নো কোন্‌ লিঙ্গ আরু কোন কাৰক ইত্যাদি ভালকৈ দেখোবাৰ নাম “অম্বয়”। অন্বয় কৰি পঢ়িলে অল্পতে বুৎপত্তি হয়, সেই দেখি তলত কিছুমান “অন্বয়” কৰি দেখোৱা হল।

 যোৱা মাহত ৰজাই আমাৰ পঢ়াশালিলৈ আাহি আপোন হাতেৰেই কেইবাখন পুথী ল’ৰা বিলাকক দিলে।।

 “যোৱা” ক্ৰিয়াবাচক বিশেষণ পদ, মাহত এই পদৰ বিশেষণ।

 “মাহত” বিশেষ্য পদ, পুংলিঙ্গ, একবচন, আহি এই ক্ৰিয়াৰ কালবাচক অধিকৰণ পদ।

 “ৰজাই” বিশেষ্য পদ, পুংলিঙ্গ, তৃতীয় পুরুষ, একবচন, কৰ্ত্তাকাৰক, আহি আরু দিলে এই দুই ক্ৰিয়াৰ কৰ্ত্তা।