পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫১ ]

 “আমাৰ” সৰ্বনাম, বাচ্যলিঙ্গ, বহুবচন, সম্বন্ধ পদ, পঢ়াশালিলৈ পদেৰে সৈতে সম্বন্ধ।

 “পঢ়াশালিলৈ” যষ্ঠীতৎপুরুষ সমাস-নিষ্পন্ন বিশেষ্য পদস্ত্ৰীলিঙ্গ, একবচন, কৰ্ম্মকাৰক, আহি ক্ৰিয়াৰ কৰ্ম্ম।*

 “আহি” অসমাপিকা ক্ৰিয়া।

 “আপোনহাতেৰেই” যষ্ঠীতৎপুরুষ সমাস নিষ্পন্ন বিশেষ্যপদ, পুংলিঙ্গ, একবচন, কৰণকাৰক, দিলে এই ক্ৰিয়াৰে সৈতে সম্বন্ধ।

 “কেইবাখন” সংখ্যাবাচক বিশেষণ। পদ, পুৰ্থীৰ বিশেষণ।♰

 “পুথী” বিশেষ্যপদ, পুংলিঙ্গ, বহুবচন, কৰ্ম্ম কাৰক, দিলে এই ক্ৰিয়াৰ কৰ্ম্ম।

 “ল'ৰাবিলাকক” বিশেষ্যপদ, পুংলিঙ্গ, বহুবচন, সম্প্ৰদানকাৰক, দিলে ক্ৰিয়াৰ সম্প্ৰদান।

 “দিলে’ সমাপিকা ক্ৰিয়া পদ, তৃতীয় পুরুষৰ


* সংস্কৃতৰ দৰে অসমীয়া ভাষাত গগনাৰ্থ ধাতু বিকল্পে সকৰ্ম্মক হয়;আরু সেই কৰ্ম্মপদত প্ৰায় লৈ শব্দ যোগ হয়।
ইয়াৰ বিশেষণ কেইবাথন শব্দেই বহু বুখাইছে, সেই দেখি আৰু বহুবচনৰ যোগ হে ৱা নাই।