পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৪ ]

 ভাৱবাচ্যে কেতবিলাক ধাতুৰ পাছত আ হয়৷ যধা; সেব্‌+আ সেবা, নি দ নিন্দা, ক্ষম্‌ ক্ষমা, ইষ্‌ ইচ্চা * পূজ্‌ পূজা, ব্যথ্‌ ব্যথা, দয় দয়া, প্ৰ-ভা প্ৰভা, প্ৰতি-জ্ঞা প্ৰতিজ্ঞা ইত্যাদি৷

 ভাৱবাচ্যে কেতবিলাক ধাতুৰ পাছত অনা হয়৷ যথা;— অৰ্চ্চি+অনা অৰ্চ্চনা, কল্পি কল্পনা, যন্ত্ৰি যন্ত্ৰণা, ঘটি ঘটনাৰ আসি বাসনা, বন্দ বন্দনা ইত্যাদি৷

লিঙ্গ নিরূপণ বিধি৷

 যি যি প্ৰত্যয় কাৰকবাচ্যে হয়, সেই দেই প্ৰত্যয়ান্ত পদ প্ৰায় বিশেষণ; সুতৰাং বিশেষ্য পদৰ যি লিঙ্গ তাৰো সেই লিঙ্গ হই থাকে৷ যেনে; ভীত পুরুষ, ভীতা স্ত্ৰী; পৰ্ব্বতবাসী পুরুষ, পৰ্ব্বতবাসিনী স্ত্ৰী; হস্তী ধৃত হ’ল, হস্তিনী ধৃতা হ’ল; তাৰ ক্ৰোধ অসহ্য, কথা অসহ্যা ইত্যাদি৷

 ক্তি, আ; আরু অনা প্ৰত্যয়ান্ত পদ সকলো স্ত্ৰীলিঙ্গ৷ যথা; মতি, গতি, খ্যাতি, বুদ্ধি, শুদ্ধি, হানি, ৰক্ষা, দয়া, ভিক্ষা, যাতনা, চেতনা, বাসনা ইতাদি৷


* ইষ্‌ ইচ্ছ্‌ হয়৷