পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৫ ]

 ভাৱবাচ্যে বিহিত ঘঞ্‌ আরু অল্‌ প্ৰত্যয়ান্ত পদ প্ৰায় পুংলিঙ্গ। যথা; নাশ, হাস, ৰোগ তাপ, লাভ, জয়, স্তৱ ইত্যাদি।

 ভাৱবাচ্যে বিহিত অনট্‌ প্ৰত্যয়ান্ত পদ প্ৰায় ক্লীবলিঙ্গ। যথা; গমন, ভোজন, শ্ৰৱণ, শয়ন ইত্যাদি।

প্ৰেৰণাৰ্থ ক্ৰিয়া পদ।

 আনৰ দ্বাৰা ক্ৰিয়া কৰোৱা বুঝালে ধাতুৰ পাছত আ, ৱা আরু য়া হয়। এই বোৰ প্ৰত্যয় হ’লে ধাতুই থাকে আৰুরু ধাতুৰ পাছত হব লগীয়া যি যি প্ৰত্যয় আছে সেই বিলাকো হয়। যেনে;

ধাতু,  আপুনি কৰিলে,   আনৰদ্বাৰা কৰালে।
কৰ  কৰিছোঁ কৰাইছোঁ,  কৰোৱাইছো।
ৰাখ  ৰাখিছোঁ ৰখাইছোঁ,  ৰখোৱাইছোঁ।
    খাইছোঁ খুৱাইছোঁ,  খুৱোৱাইছোঁ।
দি     দিছোঁ দিয়াইছোঁ,  দিয়োৱাইছোঁ।*
ইত্যাদি।

 * ইয়াত যি ভিন্ন ভিন্ন অৰ্থ হয় তাক শিক্ষক সকলে ভালকৈ বুঝাই দিব।