পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 স্ত্ৰীলিঙ্গত কোৱা আন আন প্ৰত্যয় হলেও জনী প্ৰত্যয় হয়৷ যেনে; ডেকেৰী ডেকেৰিজনী ডুমুনী ডুমুনিজনী ইত্যাদি৷

 মতা আৰু মাইকী আদি শব্দ আগত যোগ হ’ই কেতবিলাক শব্দৰ লিঙ্গ ভেদ হয়৷ যেনে;

পুংলিঙ্গ    স্ত্ৰীলিঙ্গ৷
মতা হাঁহ মাইকি হাঁহ।
মতাম'হ মাইকিম'হ।
পাঁঠাছাগলী মাইকি ছাগলী বা পাঠী ইত্যাদি।
সমাস৷

 যি কাৰ্য্যদ্বাৰা আগৰ পদ বিলাকৰ কাৰকাদি চিহ্ন গুছাই কেৱল পাঁছৰ পদত ৰাখিলেই অৰ্থ বুঝা যায়, তাৰ নাম সমাস৷ সমাস কৰিলে অল্প কথাৰে বহু অৰ্থ পোৱা যায়, অথচ শুনি বলৈকে ভাল হয়৷

 সেই সমাসেই ছয় প্ৰকাৰ৷ যথা;– দ্বন্দ্ব, বহুব্ৰীহি, কৰ্মধাৰয়, তৎপুরুষ, দ্বিগু আরু অব্যয়ী ভাব৷

দ্বন্দ্ব সমাস৷

 বেলেগ বেলেগ অৰ্থ বুঝোবা এক জাতিৰ পদ বিলাকৰ সমাসকে দ্বন্দ্ব সমাস বোলে৷ যথা;