এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১ম প্রশ্ন । ২৭৩০ টকা ৫ জন মানুহক সমানে ভাগ কৰি
দিলে প্রতি জনে কিমানকৈ পাব ?
| ৫ ) | ২৭৩০ | ( ৫৪৬ | |
| ২৫ | ভাজ্যৰ বাঁওফালে ভাজক ৫ ৰখা হল। | ||
| ২৩ | ভাজ্যৰ বাঁওকালৰ পৰা অাৰম্ভ কৰি দেখা | ||
| ২০ | গল যে, ২ৰ ভিতৰত ৫ যাব নোৱাৰে, | ||
| ৩০ | এতেকে ধাওফালৰ পৰা ২৭ লোৱা হল। | ||
| ৩০ | |||
| ০ | ২৭ৰ মাজত ৫, ৫ বেলি যায়, এতেকে ৫ |
সোঁফালে ৰখা গল। পাছে এই ৫ৰে ভাজক ৫ক পূৰণ কৰি,
পূৰণ ফল ২৫ক ২৭ৰ পৰা বিয়োগ কৰাত বাকি থাকিল ২।
২ ৰ সোঁফালে ৩ নমাই বহুৱাত ২৩ হল। ২৩ৰ মাজত ৫, ৪
বেলি যায় ; এতেকে ৪ক প্রথম ফল ৫ৰ সোঁফালে ৰখা হল।
এই ৪ৰে ভাজক ৫ক গুণকৰি, গুণফল ২০ক ২৩ৰ পৰা অন্তৰ
কৰাত বাকি ৩ থাকিল । ৩ৰ সোফালে ০ নমাই বহুৱাত ৩০
হল । ৩০ৰ মাজত ৫ , ৬বেলি যায়; ৬ক আগেয়ে ৰখা
ফলৰ সোঁফালে ৰখা হল। ৬ৰে ৫ক পূৰণ কৰি, পূৰণফল ৩০ক।
৩০ৰ পৰা বিয়োগ কৰাত বাকি একো নৰল । এতেকে প্রতি
জনে ৫৪৬ টকাকৈ পাব।
২য় প্রশ্ন । ২৭২৩৮ক ৪৭ৰে ভাগ কৰা।
| ৪৭ ) | ২৭২৩৮ | ( ৫৭৯ ভাগফল। |
| ২৩৫ | ||
| ৩৭৩ | ||
| ৩২৯ | ||
| 8৪৮ | ||
| ৪২৩ | ||
| ২৫ | ভাগশেষ বা বাকি |