পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

   ১ম প্রশ্ন । ২৭৩০ টকা ৫ জন মানুহক সমানে ভাগ কৰি

দিলে প্রতি জনে কিমানকৈ পাব ?

৫ ) ২৭৩০ ( ৫৪৬
২৫   ভাজ্যৰ বাঁওফালে ভাজক ৫ ৰখা হল।
২৩ ভাজ্যৰ বাঁওকালৰ পৰা অাৰম্ভ কৰি দেখা
২০ গল যে, ২ৰ ভিতৰত ৫ যাব নোৱাৰে,
৩০ এতেকে ধাওফালৰ পৰা ২৭ লোৱা হল।
৩০
২৭ৰ মাজত ৫, ৫ বেলি যায়, এতেকে ৫

সোঁফালে ৰখা গল। পাছে এই ৫ৰে ভাজক ৫ক পূৰণ কৰি,
পূৰণ ফল ২৫ক ২৭ৰ পৰা বিয়োগ কৰাত বাকি থাকিল ২।
২ ৰ সোঁফালে ৩ নমাই বহুৱাত ২৩ হল। ২৩ৰ মাজত ৫, ৪
বেলি যায় ; এতেকে ৪ক প্রথম ফল ৫ৰ সোঁফালে ৰখা হল।
এই ৪ৰে ভাজক ৫ক গুণকৰি, গুণফল ২০ক ২৩ৰ পৰা অন্তৰ
কৰাত বাকি ৩ থাকিল । ৩ৰ সোফালে ০ নমাই বহুৱাত ৩০
হল । ৩০ৰ মাজত ৫ , ৬বেলি যায়; ৬ক আগেয়ে ৰখা
ফলৰ সোঁফালে ৰখা হল। ৬ৰে ৫ক পূৰণ কৰি, পূৰণফল ৩০ক।
৩০ৰ পৰা বিয়োগ কৰাত বাকি একো নৰল । এতেকে প্রতি
জনে ৫৪৬ টকাকৈ পাব।

   ২য় প্রশ্ন । ২৭২৩৮ক ৪৭ৰে ভাগ কৰা।

৪৭ ) ২৭২৩৮ ( ৫৭৯ ভাগফল।
২৩৫
৩৭৩
৩২৯
8৪৮
৪২৩
২৫ ভাগশেষ বা বাকি