হৈছে; নতুন ৰেল বহিছে; নতুন ডাক্তৰি স্কুল হৈছে। এতিয়া অসমীয়াই শুই নেথাকি, কাৰ্য্য-দেবীৰ চৰণত অসমীয়াৰ এনে বিপ্লৱৰ নিজক উছৰ্গি দিব লাগে। সময়ত, তেওঁক কামত আগুৱাবলৈ উদগাই দিয়াই, এই নিচল | জাতীয় কবিতা-পুথিৰ ঘাই উদ্দেশ্য কিন্তু আমাৰ নিচিনা নিশকতীয়া মানুহে এনে গুৰুতৰ বিষয়ত হাত দিবলৈ যোৱাটোৱেই বিড়ম্বনা! তথাপি ক্ষুদ্ৰ শক্তিৰে যি পাৰোঁ, এই বিষয়ে অলপ পুৰুষাৰ্থ কৰিবলৈ আগ বাঢ়িলো। এই পুথিখনি মুঠে দিনৰ ভিতৰত লিখি শেষ কৰা হৈছে। চৰ্কাৰি বিষ য়ৰ জঞ্জাল, তাতে সংসাৰী লেঠা—কোনোমতে ঢৌতে খৰ মাৰি, সৰ্ব্বসাধাৰণৰ আগত যথা সন্মানেৰে পুথি খনি আগ বঢ়ালোঁ। দায়-দোষ ক্ষমা কৰি যে ক্ষুদ্ৰ উপহাৰ গ্ৰহণ কৰে, এনে আশা কৰিলোঁ। শেহৰ গান দুটি পূৰ্ব্বে লিখা। “জোনাকী”ত এ ভুটি ছপা হৈও গৈছে। সাৱশেহৰ গানটি, কলিকত “অসমীয়া ভাষাৰ উন্নতি-সাধিনী সভা”ৰ ৮ম বছৰৰ উৎসৱত গোৱা হৈছিল। গোলাঘাট। ১লা জুলাই, ১৯০১ চন। শ্ৰীবেণুধৰ ৰাজখোৱা
পৃষ্ঠা:অসমীয়া ভাই.pdf/৪
অৱয়ব