• অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (৫) যতগুন সমান (Genitive dependants): এই সমাসত উভয় পদে সংজ্ঞা-শব্দ হয়; যেনে, পানী-জোলা (পানীৰ জোলা, bliste); গড়-খাৱৈ (গড়ৰ খাৱৈ, lit, ditch around a fort; a moat); পেড়া- খাট (a chest with a bedstead ); ফোলি (কেঁহুৰ জালি, lie. crowing of Fenhu, a kind of bird-dawn); ব-চুঙা (a tube for winding round warp-thread); হাত-বাউলি (হাত বাউলি, waving of the hand); জুহাল (জুইৰ শাল, fire-place); ৰাজবাট (high way); মূৰ-ফুৰণি (মূৰৰ ফুৰণি, it. whirling of brain; swoon); মহ বা মৈহ-টি (a place for keeping buffaloes); ইটা-খলি (brick- yard ); পানী-যুবলি বা জিয়লি (edge of water); তুলা-পাত (তুলাৰ পাত, lit, leaf of cotton, paper); নগা-ঢাৰি (mat made by the Nagas); ইত্যাদি। (৬) সমীতৎপুরুষ সমাস (Locative dependants) দ্বিতীয় পদটো প্ৰায়ে কৃদন্ত-বিশেষণ হয়। যেনে, মৌ-সনা (মৌত সনা, mixed with honey); কপাল-ফেঁটা (কপালত ফোটা, having a spot on the forehead); ঘৰ-ওপা ( ঘৰত ওপজা, home-born); গছ-পকা (গছত পকা, ripe on the tree); আকাশ-বন্তি ( আকাশত বন্তি, lit. lamp in the sky); খৰিকা-দিয়া (খৰিকাত দিয়া, roasted on a spit); ইত্যাদি। ৫০১। মূল (Derivation) আদি প্রাকৃত বা বৈদিক যুগৰ পৰাই এই সমাসৰ চলতি আছে। কিন্তু শেষৰ (সংস্কৃত) কালত হে বৈয়াকরণিক সকলে এই সমাসৰ তৎপুৰুষ বুলি নামকৰণ কৰিছে। বৈদিত প্রথম পদটো সংজ্ঞা বা সর্বনাম শব্দ হয় আৰু সি অর্থ আৰু আকৃতিত কাৰক হয়। কর্ম, কৰণ, অপাদান আৰু অধিকৰণ অর্থত শেষৰ পদটো কৃদন্ত-সংজ্ঞা হয় আৰু সম্প্রদান বা সম্বন্ধ অর্থত. সি সদাই সংজ্ঞা-শব্দ হয়। শেষৰ পদ বিশেষ হলে সমাসসা বিশেষ হয় আৰু সি বিশেষণ হলে সমাসসা বিশেষণ হয়। অসমীয়াত এই নিয়ম প্রায়ে ৰক্ষিত হৈছে। (ক) দ্বিতীয়া-তৎপুরুষ সমাস : শেষৰ পদটো সদাই কৃদন্ত-সংজ্ঞা হয়। যেনে, দেৱ-মাদন (ঋক, eshilarating the gods); গৰাগীৰ্ণ (অথ, বে,
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬৮
অৱয়ব