পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তজিত ৩৯১ (হেমচ, ২০১২৫), মা, প্রা. খােড়, হিন্দী টোক, টোকড়া, স, স্তোক (a little)। (৫) ওপৰত কোৱা হৈছে যে অপভ্রংশ এত্তিলে, তেত্তিলাে আদি শব্দৰ লৰ ঠাইত ন হােৱাত (১ ১০১১১৫৬অসমীয়া অতনা, ততনা আদি শব্দ সিদ্ধ হৈছে ($ ৩৩৬াক )। ওপৰৰ দ্বিতীয় ধৰা প্রত্যয় অল, অলা, অলী- ‘ল’ৰ ঠাইত সেইদৰে ন হলে অন, অনা, অনী প্রত্যয় বা সংস্কৃত আৰু প্রাকৃত ল-প্রত্যয়ৰ ঠাইত ন হলে ন, না, নী প্রত্যয় অসমীয়াত পােৱা যায়। প্রাকৃতভাে এইদৰে ল’ৰ ঠাইত । হােৱা দেখা যায়। যেনে, প্রাকৃত অল্পলম্ (of self, হেমচ, ২১৬৩) অল্পণয়ম্ (হে. ২১৫৩), অল্প, (হে, ২৮৩), অগণিকা (হেমচ, ৩১৪, ৫৭), অপভ্র, অল্পণু (হে. ৪৩৩৭), স. আত্মীয়ম, অসমীয়া আপুন। ৪৩৬। আর্থিক প্রত্যয়ৰ অৰ্থ (Significance of the redundant suffixo) আর্থিক প্রত্যয় যােগ হলে শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটে; কেৱল কেতিয়াবা কেতিয়াবা শব্দার্থ সংকীর্ণ হয় আৰু কেতিয়াবা সিবিলাকে কোনাে জাতিৰ বা শ্ৰেণীৰ কোনাে বস্তু বা গুণক বুজায়। যেনে, চকৰা, চকৰী বুলিলে ঘূৰণীয়া দাগ থকা সকলাে জন্তুক বা বস্তুক নুবুজাই কেৱল এবিধ পতজক অর্থাৎ পখিলাক বুজায়। জেঠাল বুলিলে সকলে জ্যেষ্ঠ নুবুজাই কেবল স্বামীৰ জ্যেষ্ঠক বুজায়। ছেউৰী বুলিলে সকলে অন্তৰ মাইকী পােৱালীক নুবুজাই কেৱল গৰু বা ম'হৰ তেনে পােৱালীক বুজায়। এই আর্থিক প্রত্যয়সৱে কেতিয়াবা ব্যনার্থ (diminutive) প্রকাশ কৰে; যেনে, পােনা বুলিলে সকলাে জীৱৰ, বিশেষকৈ মাছৰ ছানাক বুজায়। দামুৰী বুলিলে গৰুৰ সৰু পােৱালীক বুজায়। কেতিয়াবা সাদৃশ্য বুজাবলৈ আর্থিক প্রত্যয়ৰ ব্যৱহাৰ হয়। তেত্যি। ইহঁত সাধাৰণ তদ্ধিত প্রত্যয়। যেনে, পাল (ight) from পাত (leaf : weightless thing); পুতলা, পুতলী (dol) from পুত (son); ইত্যাদি। এই কথাও মনত ৰাখিব লাগে যে স্বার্থিক প্রত্যয় যােগত অর্থতকৈ লিঙ্গৰ বেচি বিপর্যয় ঘটে; যেনে, পুতুলা (a doll), পুতলী, পুতুলী (a small idol স্ত্রী.) from পুত (পু.)। এনে শব্দত পুলিঙ্গই বৃহৎ আৰু স্ত্রীলিঙ্গই ক্ষুদ্র অর্থ প্রকাশ