পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ($৩৩৯টি)। এমুৱা, তেমুৱা, অপ, এডু, তেভু, স. ঈদৃশঃ, তাদৃশঃ (১৩৩৬াখ)। অতনা, ততনা ($৩৩৬াক); ইত্যাদি। সংজ্ঞা-শব্দতত এই প্রত্যয় হয়। যেনে, গােনা (a he-buffalo, an ox পু) from স. গাে (a bull, an ox পু, a cow স্ত্রী), প্রা. গােলদা (হে ২১৭৪); ছানা (a young of an animal) from স. ছা (an infant, a child) বা স. শাৱ, প্ৰা. শাৱাে; পােনা (a fry) from পাে, স. পুতঃ, প্রা. পােৰ (son); ইত্যাদি। ৪৩৫। মুল (Darivation) এই প্রত্যয়ৰাশিৰ মূল সংস্কৃত ‘ট, ৰ' আৰু ‘ল’। স্বার্থে সংস্কৃতত কেতিয়াবা ‘ট প্রতায় হয়। যেনে, কর্ক: (a crab) বা কর্কটঃ (a rab); মঃ (an ape) বা মর্কট: (an ape)। অপভ্রংশ প্রাকৃতত ‘ট’ৰ ঠাইত অ, অড় আৰু উল্ল প্রত্যয় হয়। যেনে, অপত্ৰ, মৰুভু=স. মর্কটঃ (হেমচ, ৪৪২৩); অপভ্র, ৱে দোসড়=স, ছৌ দোষৌ (twofold fault); অপভ্র, এক কডুলী =স, একা কুটী (one crore)। প্রাকৃততাে অড় হয়; যেনে, প্রা. ককোড়াে=স. কর্কটঃ (a crab)। এই প্রত্যয়ৰ পাচত আর্থিক ‘ক’ যােগ হলে অপভ্রংশত অড়অ, উল্লঅ আৰু উন্নড় (=উল্ল + অড়) হয়। যেনে, অপভ্র-হিঅড়উ= স. হৃদয় ( heart ); চূডুল্লউ =স. চুড়কঃ (a well ); অপভ্র, বাহুবলুল্ল স. বাহুবলম্ (strength of hand )। সংস্কৃতত ন্যনাত ৰ' প্রত্যয় হয় ; যেনে, কুটীৰঃ (a cottage, hut) from কুটি, কুটী (a cottage); শমীৰ : (a small variety of shami tree) from শমী (a kind of tree); গুণ্ডাৰঃ ( an elephant's trunk) from শুতা (an elephant's trunk)। সেইদৰে অৰ্থে সংস্কৃতত ল’ প্রত্যয় হয় ; যেনে, বহুল (abundant) from বহু (many); শীতল (cold) from শীত (cold ); শ্যামল (green) from শ্যাম (green); ইত্যাদি। প্রাকৃতত এই দুই প্রত্যয়ৰ পৰা ইল, উল্ল (হেমচ, ২১৬৪), স বা অল্প (হেমচ, ২১৬৫), আলী (হেমচ, ২০১৭• ), ৰ (হেমচ, ২১৭১) ১। “অড়ড়ডুলাঃ বার্ণিককলুক চ”, হেমচ, ৪|৪২৯ : ২। “মােগাশ্চৈবাম্”, হেমচ. ৪৪২। (অপভ্রংশে অড়ড়ডুল্লানাম যােগভেদেভো যে জায়তে ডড় ইত্যাদয়ঃ প্রত্যয়ান্তেইপি প্রায়াে ভৱন্তি।)