তদ্ধিত ৩৭৭ হৈছিল। অৱশ্যে এই আর্থিক (redundant) প্রত্যয় ‘ক’ আৰু ইয়াৰ এয়ােগ সংস্কৃততে আছিল আৰু প্ৰাকৃতৰ এনে নিয়ম বাস্তৱিকে সংস্কৃত অনুকৰণ। কিন্তু সংস্কৃতত ইয়াৰ চলতি বিৰল। শেষত প্রাকৃতৰ সময়ত ইয়াৰ চলতি ইমান বেচি হল যে অকান্ত শব্দৰ শেষতত এটা ‘ক’ (অ) যােগ কৰাৰ নিয়ম চলিল আৰু এইদৰে সকলাে শব্দৰ ৰূপ একাকাৰ কৰা হল। আমি ওপৰত পাই আহিছে যে শব্দ ৰূপ ( বিভক্তিৰ মূল দেখা, ৪ ২৬৮) আৰু ধাতুপ (গণপৰিবর্তন দেখা, $ ৩৪৬)-ত এনে একাকাৰ কৰিবৰ প্ৰয়াস এটা প্রাকৃতৰ সময়ৰ পৰা চলিছিল। তদ্ধিতৰ বিষয়ত এনে চেষ্টাৰ ব্যতিক্রম হােৱা নাছিল। এই একাকাৰ কৰা নিয়ম হিন্দী, অসমীয়া আদি প্রাকৃতিক ভাষাবিলাকতত ৰক্ষিত হৈছে। সংস্কৃত আৰু প্ৰাকৃতত আৰু এটি কাৰণে স্বাৰ্থিক প্রত্যয় ‘ক’ৰ যােগ হৈছিল। তাত নাৰ্থক ‘ক’ প্রত্যয় তদ্ধিত বা স্বাৰ্থিক ‘ক’ প্রত্যয় স্বৰূপেও কেতিয়াবা ব্যৱহৃত হৈছিল। সেই নিয়মম প্রাকৃতিক ভাষাত ৰক্ষিত হৈছে। যেনে, অসমীয়া চেচুক (shady), from চেঁচা (cold ); পিতাই বা পিক (lit. little father), from পিতৃ বা পিতা ; ইত্যাদি। অসমীয়া স্বাধিক প্রত্যয়বিলাকক তলত লিখা দৰে বিভাগ কৰিব পাৰি। প্রথম বিধ ৪৩০। সাধাৰণ লিঙ্গ পুল্লি স্ত্রীলিঙ্গ ১। অ, আ, ই, উ আ, ই, উ , ২। অক, ইক, উক, | অক, ইক, উক, এক অকী, ইকা (বা অক, ঈক, উক) উকা ৩। অক, ইক, উক | অকা (একা, আকি, একি ), অকী, ইকী, ইক, উকা ৪। অই (ঐ) অই (ঐ), আই ৫। -- , ইয়া, ঐ, ইয়া, ঐয়া, উ, ঔৱা উ, ঔৱা। এই প্রত্যয় যােগ হলে অন্ত্য স্বৰৰ সাধাৰণতঃ লােপ হয় আৰু ই, উ আৰু ও-ৰ ঠাইত ইয়া আৰু উৱা বা ওৱা হয়। — — ০৮
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫০৫
অৱয়ব