পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃৎ-প্রত্যয় ৩৭১ হসঃ (laugh, laughter ), হসিকা (laughter); প্রা. হস (to laugh), হসসা (laughter ), হসিআ (laughter, cf. হেমচ, ১৯১৪৫, ১৭৩), অসমীয়া হাঁহ (to laugh), হঁহা (laughing), হাঁহি (laughter); চুটি (short), স. চুই বা চুট্ট (to become small)। সেইদৰে স. ক, (to become small ), কণঃ (an atom), কণিকা (an atom); অসমীয়া কণিআ (? to make small particles ), কণা, কণ (an atom), কণী, কণি (lit. a particle; egg ), প্রা. কণিকা, কণিকা (হেমচ, ৪২৩৯, ৪১৯); স, চুৰ, (to steal, to rob), চোৰিকা, চৌৰিকা (theft, robbery); অসমীয়া চুৰ (stealing ), চুৰি (theft )। যষ্ঠ বিধ ৪২১। সা. লি. পুল্লিঙ্গ স্ত্রীলিঙ্গ ১। অ, অনি অ, অনা অনি, অনী, উলী, উনি কৰণ অৰ্থত ক্রিয়া-কর্তা (noun of agency) বা কৃদন্ত-সংজ্ঞা (verbal noun) সিদ্ধ কৰিবলৈ এই প্রত্যয়ৰ ব্যৱহাৰ হয়। সন্ধিৰ নিয়মে ‘অ’ৰ ঠাইত য় ব র হয়। যেনে, উৰ, বা উঢ় (to wear)—উৰণ বা উঢ়ণ (act of wearing ), ওৰণী (veil, স্ত্রী.); ভৰ, (to fill up, make good ), ভৰণ (act of filling up, compensation), ভৰণি (com- pensation); ধেন (birth, as a calf ), বৈদিক ধেনা (a milch cow : Apte) from স. +ধে (to suck); তৰ, (to pass over, escape), তৰণি (deliverance); বিচ, (to fan), বিচন (fanning), বিচনী (a fan. স্ত্রী.); বাঢ় (to grow), বাঢ়ন (growth), বাঢ়নী। (a broom, স্ত্রী.); ৰান্ধ, (to cook ), ৰান্ধন (cooking), ৰান্ধনি (cooking) সা. লি.), ৰান্ধনী (cook, স্ত্রী.); মাৰ, (to beat), মাৰণ (beating), মাৰণ বা মা (thrashing, as corn); নাচ, (to dance) নাচন (dancing); তােল (to raise), তােলন (raising), তােলনি (the ceremonial bath of a girl on attaining puberty); চাল (to shake), চালন (shaking), চালনী (a sieve, স্ত্রী); কান্ (to know), জাননী (notification, স্ত্রী.); বুল (to walk ), বুনন (act of walking), বুলনী (a room through which one is to pass 32.