পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাতাইশ আধ্যা প্রত্যয় (Suffixes) এত্যয় (Primary derivative suffixes) ৪১। কৎ আৰু তদ্ধিত প্রত্যয় (Primary and secondary derivative suffixes)। | ধাতু (root) বা প্রাতিপদিক (base)ৰ শেষত যি যােগ হৈ নতুন শৰ সৃষ্টি কৰে তাৰ নাম প্রত্যয় (suffix)। অসমীয়া প্রত্যয়বিলাকক চাৰি ভাগ কৰিব পাৰিঃ -বিভক্তি (case and verbal affixes), প্রত্যয় (feminine affixes), কং আৰু তদ্ধিত। ধাতু পিচত যি প্রত্যয় যােগ হয় তাৰ নাম ফৎ (primary suffix)। কৃৎপ্রত্যয়বিলাকক প্রাথমিক প্রত্যয় (primary derivative suffix) বুলিব পাৰি, কিয়নাে ইবিলাকে কৃদন্ত বা প্রাথমিক প্রাতিপদিক (primary base)ৰ সৃষ্টি করে। প্রাথমিক প্রাতিপদিক (primary base)ৰ শেষত যি প্রত্যয় যােগ হয় তাৰ নাম ততি (secondary derivative suffix)। তদ্ধিত-প্রত্যয়ৰ যােগত দ্বিতীয় ও প্রাতিপদিক (secondary base) ওলায়। তদ্ধিত প্রত্যয়ক আকৌ দুভাগ কৰিব পাৰি :-(১) আর্থিক প্রত্যয় (Inherent or redundant suffix) আৰু (২) মৌলিক প্রত্যয় (Derivative suffix)। বাধিক-প্রত্যয় যােগত প্রাতিপদিকৰ অৰ্থৰ কোনাে পৰিবৰ্তন নহয়, যেনে, পট আৰু পটা (board); পিতা আৰু পিক (father); ভাই আৰু ভায়েৰা (brother); ইত্যাদি। মৌলিক প্রত্যয় যােগত প্রাতিপদিক অর্থ লৰে। কৃং আৰু অতি উভয়তে এনে হয়। যেনে, তদ্ধিত-ঢােল (drum), ঢুলীয়া (drummer); গাঁও (village), গাঁৱলীয়া (villager); কম (short), কমতি (shortage)। কংসাচ (to dance), নাচন (dancing); (to move), চলতি (use)। বিভক্তি আৰু স্ত্রী-প্রত্যয়ৰ কথা আগেয়ে উল্লেখ কৰা হৈছে। ধাতু আৰু প্রাতিপদিকৰ পাচত যিবিলাক