পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যজামহৈ যজ্ঞিয়ান্ হস্ত দেৱান্। ঋক্ ১০৫৩২)। Come, we will worship the adorable gods. আহহঁত, আমি যজ্ঞীয় দেৱতাসৱৰ পূজাত লাগাে। হন্ত ইমং যজ্ঞ সম্ভৰাম। ঐত, ব্রা, Come, we will prepare the sacrifice. আহহঁত, আমি এই যজ্ঞ আৰম্ভো। অসমীয়াত কেৱল বহুবচনত হে এই অৱয় ৰক্ষিত হৈছে। (খ) হক (Interjection haik): সেইদৰে বৰ্তমান, ভূত আৰু অনুজ্ঞাৰ প্ৰথম আৰু দ্বিতীয় পুরুষ বহুবচনত অসমীয়াত তেনে অর্থত ই’ অব্যয়ৰ প্ৰয়ােগ হয়। যেনে, যাওঁহঁক (indeed we go); পঢ়াহঁক (you do read); খালােহঁক(truly we have eaten)। ইয়াৰ মূল সংস্কৃত ভূখাতুৰ পৰা ওলােৱা হত আর্থিক প্রত্যয় ক যােগ কৰি পােৱা হক নহয়, কিয়নাে তাৰ কোনাে অর্থ নাই। ইয়াৰ মূল বাস্তৱিকে আৰী ‘হ’ বা ‘হট’ (=true, correct, indeed) বুলি মনে ধৰে। আৰবীত ই ক্ৰিয়াৰ পাচত ক্রিয়াবিশেষণৰ দৰে কেতিয়াবা ব্যৱহৃত হয়। তেনেকৈ অসমীয়াত ইয়াৰ ব্যৱহাৰ হয়। চন্দ্রবিন্দু অসমীয়াৰ নিজস্ব। (গ) চোন : অসমীয়া কৰচোন, ধৰচোন আদি বাক্যৰ ‘চোন’ বাস্তৱিকে বৈদিক ‘চন’=ever, even ( ঋক ১২৪৬১)। চন’ৰ অৰ্থ বাস্তৱিকে চ ন (not even) আৰু negative শব্দৰ পাচত বহে। কিন্তু ই সদায় ‘নহয়’ (negative) অর্থত নচলে ( ঋক ৬২৬৭; ১৫৫৫)। এনে অর্থতে অসমীয়াত ইয়াৰ চলতি আছে। ৩৭১। ভূত কাল (Past tense) যি কাল অতীত হৈছে তাৰ নাম ভূত কাল (past tense or preterite)। ই তিনি প্ৰকাৰ৩ -(১) অদ্যতনী বা সামীপ্যভূত ( Aorist or present perfect or first preterite), (২) অনগ্নতনী বা অদূৰভূত ( Imperfect tense or second preterite) আৰু (৩) পৰােক্ষ বা স্বৰূপভূত (Perfect ১। Macd. vedic Grammr. (ss।৪০৪০ ) ২। In a few passages oven when there is no accompanying negative চন throwing of its negative sense means even, also. Macd, v.G. 8 180. ৩। Kachayano's Pali Grammar, by E. Mason $ .