(২) সংস্কৃত ‘সি’ বিভক্তি : ই লটু দ্বিতীয় পুরুষ একবচনৰ বিভক্তি। ওপৰত কোৱা নিয়মে ইয়াৰ আকৃতি বাস্তৱিকে ‘অসি। ই প্রাকৃতত অসি, অসে’ আৰু অপভ্রংশত ‘অসি’, ‘অহিঃ' হয়। ইয়াৰ প্ৰথমটোৰ পৰা পু. অ অ অ আৰু দ্বিতীয়টোৰ পৰা অ, অহ, আ আৰু আহা ওলাইছে। বর্তমানত সন্ত্রমার্থে ‘আ’ আৰু তুচ্ছার্থে ‘অ' আৰু ‘আহা হৈছে। অসি’ৰ ‘স লােপ হলে অই, অএ আৰু তাৰ ই সােপ হলে অঅ=আ হয়। | (৩) সংস্কৃত ‘তি’ বিভক্তি : ই ল ৩য় পু. ১বচনৰ বিভক্তি আৰু ওপৰৰ নিয়মে তাৰ আকৃতি ‘অতি’। প্রাকৃতত ই ‘অই’, ‘অএ’ হয়। তাৰ পৰা পুৰণি অসমীয়াত আৰু হিন্দী আদি ভাষাত অই’ হয়। পুৰণি অসমীয়াত সন্ধিৰ নিয়মে (৪৬৯) অই’ৰ ঠাইত ঐ বা এ ইয়। তাৰ বাহিৰেও অই’ৰ ঠাইত ‘অয়’, ‘অএ’ৰ ঠাইত ‘অয়ে’, ‘অৱে’, ‘এ’ৰ ঠাইত ‘য়ে’, ‘ৱে, আদি বিভিন্ন রূপ হয় (৪৬৫)। প্রাকৃতত কেতিয়াবা ‘অ’ৰ ঠাইত বিভক্তিৰ আগত ‘এ’ হয়। বর্তমানতাে এনে ৰূপ নামনিৰ ফালে চলিত আছে। যেনে, সি পঢ়ে বা পঢ়েই (he reads); সি দিয়ে বা দেই (he gives )। বর্তমানতত ১। “দ্বিতীয় সি সে।”, হেমচ, ৩১৪০। পৰপৈদ আৰু আত্মনেপদৰ ২য় পুৰুষ একবচনত লট বিভক্তিত সি আৰু সে হয়। যেনে, হসসি, হসসে (you laugh)। স, হসসি ; বেৱসি, ৱেৱসে (you tremble), স, বেপসে। | ২। “মধ্যত্রয়স্যাদ্যস্য হিঃ।”, হেমচ. ৪৩৮৩। অপভ্রংশত ২য় পু, ১ বচনত ‘সি’ৰ ঠাইত বিকল্পে হিঃ হয়। যেনে, অপভ্র.-বল্পীহা পিউ পিউ তণৱি কেত্তিউ অহি হআস। পক্ষে অসি (thou criest)। স—চাতক পিউ পিউ ইত্যমুকাৰং কৃত্ব কিয়দ ৰােদিষি হতাশ। | অপ-সায়ৰি ভৰিঅই মিল জলি লহহি ন এক ই ধাৰ। পক্ষে, লহসি (thou takest)। স—সাগৰে ভৰিতে বিমলে জলে লভসে ন একা অপি ধাৰাম । ৩। “ত্যাদীনা আদ্যত্রয়স্যাদ্যশ্যেচেচৌ।”, হেমচ, ৩১৩৯। তৃতীয় পুরুষ একবচনত তি বিভক্তিৰ ঠাইত ইচ, এচ, (==অই, অএ) হয়। যেনে, হসই, (he laughs), স. হসতি; ৱেৱই, ৱেৱ (he trembles ), স. ৱেপতে। ৪। “অত এসে।”, বৰ, ৭৫। হসএ, হসেই ; পঢ়, পঢ়েই; নেই (he takes); দেই. হসতি, পঠতি, নয়তি, দদাতি।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২৭
অৱয়ব