পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ১০ গণ প্রাকৃতত আৰু প্রাকৃতিক ভাষাত লােপ হৈ কেৱল এটা অর্থাৎ তুদাদি বা ভাদিগণ থাকিল। আমি এইটোও জানাে যে তুদাদি আৰু ভাদিগণীয় ধাতুৰ পাচত সংস্কৃতত ‘অ’ আগম হয় আৰু ব আৰু মৰ আগৰ অ আ হয়। এতেকে আমি মি’ৰ ঠাইত ‘আমি’ ধৰি লব পাৰে। এই ‘আমি’ প্রাকৃতত ‘আমি’ বা ‘অমি’ হয় (হেমচ, ৩১৪১,১৫৪)। অপভ্রংশত ই ‘অমি’ বা ‘অউ’ (বা উ) হয় (হেমচ, ৪৩৮৫)। ইয়াৰ প্ৰথমটো বঙ্গালী আৰু উড়িয়া ভাষাত ‘ই’ হয়। দ্বিতীয়টো ( অর্থাৎ উ) অসমীয়া আৰু হিন্দী ভাষা ও’ বা ‘উ স্বৰূপে ৰৈছে। পুৰণি অসমীয়াত এই বিভক্তি অওঁ, ওঁ আৰু উ আছিল। যেনে, শুন শুন ভাই মই কওঁ কাহিনী।—মা. ক. এতেকে উদাসিন হেন থাকওঁ।ভট্ট. দে.. এতেকে তােমাৰ হিতক ইচ্ছায় কহঞে।।ভট্ট. দে, ইসৱ কথাক আৱে এহিমানে থ.।। গুৰুৰ গৃহক চলা মােৰ লগে যাঞ, ৰামচৰণ। আকৌ সংস্কৃত ‘আম’ অপভ্রংশৰ বহুবচনত বিকল্পে অহু (হু) হয়। তাৰ পৰা অসমীয়া ওঁ (বা উ) আৰু পু, অ, অহো (বা অহু) ওলাইছে। প্রাকৃতিক ভাষাত, ইমান কি অপভ্রংশতত, বহুবচনৰ বিভক্তি একবচনত আৰু একবচনৰ বিভক্তি বহুবচনত প্রয়ােগ কৰাত কোনাে বাধা নাই। ১। “তৃতীয় মিঃ।”, হে. ৩১৪১। ত্যাদি বিভক্তিৰ পৰম্মৈপদ আৰু আত্মনেপদত ১ম পুৰুষৰ তিনি বিভক্তি আদ্য বিভক্তিত ‘মি’ আদেশ হয়। যেনে, হসামি (I laugh), বেমি (I tremble)। আকৌ মৌ ।*, হেম. ৩১৫৪। মি পাচত থাকিলে অ বা আ হয়। যেনে হসামি, হসমি (I laugh); জামি, জামি (Iknow), স, হসামি, জানামি। ২। “অন্ত্যত্রয়স্যাদ্যশ্য উম্।”, হেমচ. ৪৮৫। ত্যাদীনাম অন্ত্যত্ৰয় যদ আং চনং তাপভ্রংশে উম্ ইত্যাদেশশা বা ভৱতি। যেনে, স, কর্তয়ামি, অপ, কট্টউম, কটুমি (I cut); স. পশ্যামি, অপ, দেখম (I see); স. কিং কৰােম্যহম=অপ. কই কউম হউ (What do I do?)। ৩। “বহুত্বে হুম্।”, হেমচ, ৪৩৮৬। অপভ্রংশৰ বহুবচনত ‘মস’ বিভক্তি হু বা মু হয়। যেনে, অপ; খৱিসাহিউম জহি লহহম পি তহি দেশহিম্ জাহ। স, খড়গৱিসায়িত যস্মিন্ লভামহে প্রিয় তস্মিন্ দেশে যাম। পক্ষে শহিমু। ৪। See Beames Comp. Grammar. Vod ill. pp. 106-108.