পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশ আধ্যা ক্ৰিয়াৰ প্ৰকাৰ (Kinds of verbs) ৩৫৩। ক্রিয়া (Verb): বিভক্তি আৰু কৃপ্রত্যয়যুক্ত ধাতুৰ নাম ক্রিয়া। ক্রিয়া দুবিধ—সকর্মক (transitive) আৰু অকর্মক (intransi- tive)। যি ক্রিয়াৰ পাচত এটা কম থাকে তাক সকর্মক আৰু যি ক্ৰিয়াৰ কৰ্ম থাকিব নােৱাৰে তাক অকর্মক ক্রিয়া বলে। যেনে, বামে ভাত খালে—ইয়াত খালে’ এই ক্রিয়াপদৰ লগত ভাত’ এই কর্মপদ আছে। এতেকে খালে’ সকর্মক ক্রিয়া আৰু খা’ সকর্মক ধাতু। আকৌ, ৰাম আছে’-ইয়াত আছে এই ক্রিয়াপদৰ লগত কোনাে কর্ম নাই আৰু থাকিব নােৱাৰে। এতেকে ‘আছে’ অকর্মক ক্রিয়া আৰু আছ? অকর্মক ধাতু। অকর্মক ধাতুৰ প্ৰধান স্বৰ দীর্ঘ কৰি তাক সকর্মক ধাতুত পৰিণত কৰিব পাৰি। সাধাৰণতঃ অ’ৰ ঠাইত ‘আ’, ‘ই’ৰ ঠাইত ‘ঈ’ বা ‘এ’ আৰু ‘উ’ৰ ঠাইত ‘উ’ বা ‘ও দি বহুত সময়ত অকর্মক ধাতুৰ পৰা সকর্মক ধাতু উলিয়াব পাৰি। কেতিয়াবা এই নিয়ম নাখাটে। যেনে, ‘সােমা (to enter) অকর্মক ধাতু; সুমা (to take in, to admit) সকর্মক; সুমুৱা পাচনীধাতু (to cause to enter)। উদাহৰণ :- মূল সংস্কৃত ধাতু। অকর্মক ধাতু। সকর্মক ধাতু মৰ, (to die), মাৰ, (to kill) Vচ, চৰ (to ga) চাৰ, (to tend) মুচ বা গম্ । গুচ, (be of) ৩চা (to remove) v ফুই (to split open) ফুটা (to pierce)। অ (to bum) জল (to kindle) অভি+ আ, ভি, (to wet) ভিজা (to moisten)