পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাতু আকৃতিৰ কথা এক রকম পাহৰণ পৰি। এনেকৈ আন গণৰ আকুতি প্রায় লােপ হল। সংস্কৃত দ্বিতীয় আৰু তৃতীয় গণৰ বিশেষ এতো পৰিৱর্তন হােৱা স্বাভাৱিক নহয়, কিয়নাে সেই দুই গণৰ বিশেষ প্রত্যয় এক ৰকম নাই। কিন্তু সংস্কৃত ৪র্থ, ৫ম, ৭ম, ৮ম আৰু ৯ম গণৰ ধাতু প্রাকৃতত উক্ত কাৰণে ৬ষ্ঠ (বা ১ম) আৰু ১০ গণত পৰিণত হল। এই পৰিবৰ্তনৰ কাৰণ তলত লিখা দুটি হব পায়। | (ক) সংস্কৃত ৪র্থ গণৰ য', পঞ্চম গণৰ দু, ৭ম গণৰ ন', ৮ম গণৰ ‘উ আৰু ৯ম গণৰ ‘না’ প্রাকৃতত আৰু সচৰাচৰ প্রাকৃতিক ভাষাত প্রথম, ষষ্ঠ বা দশম গণৰ সাধাৰণ প্ৰত্যয় ‘অ’ত পৰিণত হয়। যেনে, চতুর্থ বা দিবাদিগণীয় শুষ (to dry) ধাতুৰ উত্তৰ য’ আগম হলে ‘শুষ্য হয় আৰু তাত লন্ তি যােগ হলে শুষ্যতি হয়। প্রাকৃতত এই ধাতু ‘সু হয় আৰু বর্তমান কালত তৃতীয় পুরুষ একবচনত সই হয় (হে, ৪২৩৬)। অসমীয়াত এই ধাতু ‘শােষ হয় আৰু বর্তমান কালৰ তৃতীয় পুৰুষ একবচনত ‘শােষে’ হয়। সেইদৰে পঞ্চম গণৰ তক্ষ, ধাতু (to cut, to wound), লটু তি = তক্কোতি। প্রাকৃতত এই ধাতু তচ্ছ, চচ্ছ, আৰু বৰ্ত, কাল ৩য়াৰ ১বত তচ্ছই, চচ্ছই হয় (হেম, ৪১১৯৪) আৰু অসমীয়াত চাচ্ ধাতু-চার্টে হয়। সপ্তম গণৰ পিষ, ধাতু (to grind ), সট তি=পিনষ্টি, প্রাকৃত পীসই (পিস ধাতু, হেম, ৪১১৮৫), অস. পিহে ( পিহ, ধাতু)। অষ্টম গণৰ ? ধাতু (to do), লট তি= কৰােতি, প্রা. কই (ক, ধাতু), অস, কৰে (ক, ধাতু)। নবম গণৰ মৃ ধাতু (to press), লট তি =মৃতি , প্রা, মই, মলই ( মচ্ছ, মল ধাতু, হেম, ৪১২৬), অ, মলে (মল ধাতু)। ইয়াত , ন, উ আৰু নাৰ ঠাইত ‘অ’ হৈছে। (গ) সংস্কৃত দিবাদি, স্বনি, খাদি, নাদি, আৰু কাদিগণৰ প্রত্যয় যথাক্রমে য, মু, ন, উ আৰু না খাতুত যােগ কৰি আৰু তাৰ পিচত আৱশ্যক মতে শেষৰ স্বৰ অর্থাৎ উ বা আ-ৰ ঠাইত ‘অ' যােগ কৰি প্রাকৃতৰ ধাতু সিদ্ধ কৰিব পাৰি। যেনে, স্বাদিগণীয় ধ ধাতু (to shake); সংস্কৃতত উক্তগণৰ প্রত্যয় ‘’ যােগ কৰিলে ধুরু হয় আৰু লট তি যােগ কৰিলে ই ধূনােতি হয়। প্রাকৃত দু' প্রত্যয় খাটোত ভুক্ত ৰাখিলে আৰু দু’ৰ উকাৰৰ ঠাইত যষ্ঠ গণৰ প্রত্যয় ‘অ’ যােগ