২৫৪: অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (he purchase) প্রা. কিণেই (কাত্যা, ৭২৭), স, ক্রীণতি। তেনেকৈ অস, বুক, বা বুঝ, (to understand ), প্রা. বুঝ, স. বুধ। ইয়াত দিদিগণীয় য এত্যয় যুক্ত থকাৰ নিমিত্তে ‘ধ্য’ৰ ঠাইত প্রাকৃত ৰ' আৰু অসমীয়াত ‘জ হৈছে। যেনে, স, বুখ্যতি (understands), প্রা. বুই (হেমচ, ৪২১৭), অস, বুজে। অস, ভুঞ্জ (to eat, to enjoy), প্রা, ভুজ, স, ভুজ। ইয়াত কথাদিগণীয় ন’ প্রত্যয়ৰ ঠাইত প্রাকৃতত ‘ম' আৰু অসমীয়াত ‘এ’ হৈছে; যেনে, স, ভুক্তি, ভুক্তে, প্রা, ভুজই (হেমচ. ৪১১১০), অস, ভূঞ্জে (he eats)। এই নিয়ম প্রাকৃতিক ভাষাবিলাকত প্রায় সদাই খাটে বুলি ভাবিবৰ আৰু এটি কাৰণ আছে। প্রায় সকলো প্রাকৃতিক ভাষাই অপভ্রংশৰ মাজেদি নামিছে আৰু অপভ্রংশ প্রাকৃতত সংস্কৃতত ব্যৱহৃত নােহােৱা গণৰ বিশেষ প্রত্যয়াে কেতিয়াবা পােৱা যায়। যেনে, স. জয়তে (is head), অপ, সুই, সুণিজ্জই ; স, ক্রয়ন্তে, অপ, প্রাকৃত সুণিজ্জতি ; অস, শুনা যায় ; স. ত্বা, অপভ্র, সুণিউণ (হেমচ. ৪া২৪১), সােউণ, অস, শুনি। ইয়াত সংস্কৃত ‘ন’ প্রত্যয় সংস্কৃত ধাতুটোত ব্যৱহৃত নহলেও অপভ্রংশত হৈছে। সেইদৰে, স, হয়তে (হু ধাতু to worship), অপভ্র, হুণিজএ (হেমচ, ৪১২৪২); স. জ্ঞায়তে (জ্ঞা ধাতু to know), প্রা. জাণীঅই; স. জ্ঞাত্বা, অপভ্র, জাণিউণ ( হেমচ. ৪৭); স. জ্ঞায়ন্তে, অপ, জাণিজ্জন্তি, অস, জানা যায় (it is known ); স. জ্ঞাপয়তি, প্রা. জাণাৱেই (হেমচ, ৩১৪৯), অস, জানাৱে, জনায়, জানায় (he causes to know)। হিন্দী, অসমীয়া আদি প্রাকৃতিক ভাষাত এই নিয়ম তাতে বেচি। ৩৪৬। গণ-পৰিবৰ্তন (Change of class ) সংস্কৃত ১০ গণৰ চিন প্রাকৃতত প্রায় নােহােৱা হল আৰু প্রাকৃতিক ভাষবিলাকত একেবাৰে তাৰ চিন মৰিল। সংস্কৃত ভাদি, তুদাদি আৰু চুদিগণীয় (ব। প্রথম, ষষ্ঠ আৰু দশম গণৰ) ধাতুই অত্যন্ত অধিক। আন আন গণৰ ধাতু বিৰল। প্রাকৃতত কেৱল তুাদি বা ভাদি আৰু চুদি- গণীয় ধাতুহে তিষ্ঠিল, কিয়নাে এই গণবিলাকৰ ধাতু সংখ্যাত বেছি হােৱাৰ বাবে সচৰাৰ সিহঁতৰ ব্যৱহাৰ কৰিব লগীয়া হৈছিল। আন গণৰ ধাতু সংখ্যাত কম বুলি সিহঁতৰ ব্যৱহাৰ কাচিত হে হৈছিল আৰু শেষত সিবিলাকৰ