পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫২ অসমীয়া ব্যাকৰণ আৰু ভাষাভ কড়ই, কৰিসই আৰু অসমীয়াত কঢ়ায় হয়। সেইদৰে স. প্রচ্ছ’ ধাতু (to ask), পৃচ্ছতি (তুদাদিগণীয়), এ. পুচ্ছদি, পুচ্ছই, অসমীয়া পুছে (পুছ, ধাতু); স. নৃৎ (to dance ), নৃত্যতি ( দিবাদি গণীয়), প্রা. ণচ্ছই, অ, নাচে ( নাচ, ধাতু); স, মন্থ (to chum ), মথনাতি (ক্যাদিগণীয়), এ. মংথই, অ, মথে (মথ, ধাতু); স. / পিষ, (to gind ), পিনষ্টি (ধাদিগণীয়), প্রা. পীসই, অ, পিহে (পিহ, ধাতু ); স,Vঅস (to be ), অন্তি (অাদিগণীয় ), প্রা. অখি, আসি, অ, আছে ( আছ, ধাতু), ইত্যাদি। ধাতুৰ আদিতে থাকা ব্যঞ্জনবর্ণৰ কদাচিত হে পৰিবর্তন হয় ; যেনে, স, ঘটু (to shape ), প্রা. ঘঢ়েই, গড়েই অ. গঢ়ে (গঢ়, ধাতু)। উপসর্গ যােগ হলে আদি ব্যঞ্জন বর্ণ শব্দৰ মাজত পৰে। তেতিয়া সেই মধ্যবর্তী ব্যঞ্জনৰ পৰিবর্তন বা সােপ হয়। যেনে, স, উদ্ + গ (to spit out ), প্রা. ওগ গালই, অস, ওকালে ( ওকাল ধাতু); স. সম্+ V (to remember, to call to mind ), প্রা. সম্ভব, সভল, অস, চন্তা, ইত্যাদি। কেতিয়াবা কেৱল একব্যঞ্জনযুক্ত শব্দৰ ব্যঞ্জনবর্ণৰ পৰিবর্তন ঘটে; যেনে, স. ভূ (to be) ভৱতি, প্রাকৃত হুৱই, হােই, অস, হয় (হ ধাতু)। সেইদৰে সংস্কৃত মূল ধাতুৰ স্বৰবৰ্ণৰে। পৰিবর্তন ঘটে; যেনে, স. / অর্থ, (to worship ), অহতি, প্রা. অৰিহই, অস, অৰিহে ( অৰিহ, ধাতু ); স. উৎ + Vস্থা (to rise ), উত্তিতি, প্রা. উঠই, অস, উঠে ( উঠ, ধাতু ); স. ছুপ, (to touch), ছুপতি, প্রা. ছিই, তাস. ছােৱে (ছো ধাতু), ইত্যাদি। স্বৰ-বিকৃতিৰ নিয়ম ওপৰত দেখা ($$ ৯৭-২০৮)। ৩৪৫। সংস্কৃত গণৰ বিশেষ প্রত্যয় অসমীয়া ধাতুত ৰক্ষণ (Assimilation of Sanskrit class-suffixes) সংস্কৃত ধাতুবিলাক ১০ শ্রেণী বা গণ’ত বিভক্ত। প্রতি গণৰ বিলগ বিলগ বিশেষ প্রত্যয় আছে। লট (Present), লােট (Imperative), লঙ, ( Imperfect) আৰু বিধিলিঃ, (Potential)-এই চাৰি বিভক্তিত নিম্নলিখিত প্রত্যয় হয়।