২৫১ বাস্তৱিকে সংস্কৃতৰ পৰা নামিছে বুলি ঠাতে চিনিব নােৱাৰি। সিবিলাকক সাধ্যমান ধাতু বুলিব পাৰি; যেনে, ফাল (to split ), স. পাই; উঘাল (to uproot), স. উৎ+ঘট ; পাহ.(to forget ), স.- এ+ /স্মৰ; পােৰ (to burn), স.প্ল; সাঙ্গোৰ, (to tetogether) স, সম্+Vঘট; বহু, (to sit ), স, উস+ শি, বা ৱিশ; ভুল (to forge), স, ৱি+ বল, ইত্যাদি। দেশজ ধাতু অতি কম; যেনে, মলিয়া (to make a collective cawing noise in dying overhead), নগামলা (to gather as cloud)। এইবিলাক মৌলিক ধাতু (Primary roots)। ৩৪৩। অৱ খাতু মুল (Origin of Tadbhava roots) তলত লিখা কাৰণে অসমীয়া তদ্ভৱ ধাতুৰ আকৃতি সংস্কৃতৰ পৰা লৰচৰ (১) স্বৰ-বিকৃতিৰ নিয়মে বর্ণ-পৰিবর্তন (phonetic degeneration)। (২) সংস্কৃত বিভক্তি অসমীয়া ধাতুত ৰক্ষণ (assimilation of Sanskrit class-suffixes)। (৩) সংস্কৃত গণৰ অসমীয়াত পৰিবর্তন (change of Gana or class)। (৪) বাচ্য পৰিবর্তন (change of voice)। ৩৪৪। কর্ণ পবির্তন (Phonetic degeneration) সংস্কৃত ধাতু প্রাকৃতৰ মাজেদি বা আন ৰকমে প্রাকৃতিক ভাষালৈ নামােত সাধাৰণত ৰ-বিকৃতিৰ নিয়মে সিহঁতৰ অঙ্গৰ পৰিবর্তন ঘটে। এই পৰিবর্তন বিশেষকৈ আদি আৰু অন্ত্য বর্ণত ঘটে। সংস্কৃত ভাদি, দিদি আদি গণ- বিলাকৰ নিজ নিজ প্রত্যয় যােগ হওঁতে ধাতুৰ অন্ত্য বর্ণ মাজত পৰে আৰু সন্ধি বা স্বৰ-বিকৃতিৰ নিয়ম অনুসাৰে সেই মাজত পৰা ৰঞ্জনৰ পৰিবর্তন বা শােপ হয়। যেনে, সংস্কৃত ‘চি' ধাতু। তাত আদিগণীয় প্রত্যয় ‘মু’ যােগ কৰিলে ‘চিনু (চিনাে) হয় আৰু তাৰ পিচত লটু তি যােগ কৰিলে ‘চিনােতি হয়। প্রাকৃত ‘চিনােতি’ৰ ঠাইত চিণই আৰু অসমীয়াত ‘চিতে (he plucks) অর্থাৎ মু’ৰ ঠাইত ও হয় আৰু ধাতুটো চিঙ হয়। সেই দৰে স. ‘ক’ ধাতু (to plough); তাত ভাদিগণীয় ‘অ’ প্রত্যয় যােগ হলে কর্ষ’ হয় আৰু তাৰ পাচত লট, তি যােগ কৰিলে কৰ্ষতি (he ploughs) হয় আৰু প্ৰাকৃতত
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭৯
অৱয়ব