পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪৫ ক্রিয়াবিশেষণ (খ) সংস্কৃত ইয়ৎ (বৈ. ইৎ ), তাৱৎ আদিৰ প্ৰাকৃত ৰূপ এ.তে, জে, কেৱ ( ৩৩৪ ) ' লােপ হলে এ, তে, যে, কে থাকে। তাত সংস্কৃত ক্ষণ (moment)=অসমীয়া ধন যােগ কৰিলে এখন (now), তেখন (then, লেখন (when) আৰু কেখন (when) শব্দ পােৱা যায়। (গ) সংস্কৃত এৱং, তথা, যথা আৰু কথম্ শব্দৰ অপভ্রংশত এম, কেৱ আদি ৰূপ হয় (হেমচ, ৪৬৭৬, ৪১৮) আৰু সেই শব্দবিলাকৰ পাচত ৭মী একবচনৰ বিভক্তি হিং বা হি (=ইং বা ই) যােগ হয় (হেমচ. ৫৪২০, ৪২১)। তেতিয়া সিহঁতৰ, আকৃতি, এইং, এই, তেমূইং, তেমই আদি হয়। সিহঁতৰ 'ম' সােপ হলে এৱে (now), তেৱে (then), জেতে, যেৱে (when), কেৱে (when) (৪ ৬৯) হয়। | (ঘ) প্রাকৃত এৱ, তের, জে, কে বা অপ. এমৱ, তে, জেম আৰু কেৱ-ৰ সংকোচিত আকৃতি এ, তে, জে, কে-ৰ পিচত আর্থিক প্রত্যয় ‘অন্ যােগ হলে ($ ৪৩৪) আৰু তাৰ পাচত সপ্তমী বিভক্তি ‘ই’ ( অপভ্র, হি’) যােগ হলে অসমীয়া এনি (this way, in this direction ), তেনি (in that direction) আদি শব্দ পােৱা যায়। কিন্তু ‘ই’ যােগ নকৰি ‘এ’ (অপভ্র. ‘হে’ $ ২৪• দেখা) যােগ কৰিলে এনে (thus, like this ), তেনে ( like that ), জেনে (like what) বা সিহঁতৰ ৰূপান্তৰ এনা, তেনা, জেনা, কেনা শব্দ ওলায়। এই কথালৈ মন কৰিব লাগে যে এনা (in this way ), তেনা (therefore) আদি শব্দ বৈদিকৰ সময়ত এই অর্থ ক্রিয়াবিশেষণ স্বৰূপে ব্যৱহৃত হৈছিল। (ঙ) এৱ, তের, জে, কেৱ বা এমৱ, তেমূৱ, জেম, কেৱ-ৰ সংকোচিত আকৃতি এ, তে, জে, কে-ত অপভ্রংশ যষ্ঠ বিভক্তিৰ চিন ‘হে’ যােগ কৰিলে এহে, তেহে, জেহে, কেহে হয় আৰু তাৰ পিছত ৪র্থ বিভক্তি লাগি’, (=লৈ) যােগ কৰিলে এহে+ লাগি = এহেলৈ, তেহে+ লাগি = তেহেলৈ আদি ৰূপ হয়। চতুর্থ বিভক্তিৰ পদ হলেও ইসৱৰ ব্যৱহাৰ ক্রিয়াবিশেষণৰ অনুৰূপ। ১। ক উৎসৱে, হেমচ. ২২• (চণা, খণাে)। ২। Macd. vedic Grammar, 178 (8) ৩। Macd. vedic. Grammar, 180