২২২ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব তৃতীয়াৰ ৰূপ প্রথমাতে চলিছিল বুলি অনুমান হয়। ডাক্তৰ হৰ্ণলিয়ে এই মত স্বীকাৰ নকৰে। তেওঁ কয় যে ‘তৈ’, ‘তই তৃতীয়াৰ পৰা নহয়, যষ্ঠীৰ ৰূপৰ পৰা হে আহিছে আৰু তির্যক ৰূপ (বা ৬ষ্ঠীৰ একবচন) প্রথমাৰ একবচনত ব্যৱহৃত হৈছে। বাস্তৱিকে প্রাকৃতিক বর্তমান ভাষাবিলাকৰ প্রথমাৰ একবচনৰ ৰূপ প্রাকৃতৰ একবচনৰ ৰূপ তই, তইং, তউ (বা তহি, তহিং, তহু ), তুহ, তুহং বা তুহুং-ৰ পৰা ওলাইছে। তই’টো প্রাকৃতৰ ৩য়া, ৫ম, ৬ষ্ঠী আৰু ৭মীৰ একবচনত ব্যৱহৃত হয় ( ৩১১) আৰু তই (তইং)টো অপভ্রংশৰ ২য়, ৩য়া আৰু ৭মীত চলে ($ ৩১২)। এই শব্দবিলাক সংস্কৃত ‘’ প্রাকৃত ‘ত’ বা ‘তু’ত অপভ্রংশ প্রাকৃতৰ ৫মী বা ৬ষ্ঠী বিভক্তি হ’, ‘হি’, ‘হু’ বা ‘হং’, হিং’ ‘হুং’ যােগ কৰিলে পােৱা যায়। অপভ্রংশ প্রাকৃত’ৰ তই অর্থাৎ তহি’ৰ পৰা অসমীয়া তই (তৈ) আৰু হিন্দী তৈঁ ওলাইছে। অপভ্রংশ ‘তুহুং'ৰ ৰূপান্তৰ তুহু, তুহু অদ্যাপি নামনি আসামত প্রচলিত আছে। ডাক্তৰ হৰ্ণলিৰ মতেই ঠিক বুলি বিশ্বাস হয়। তুহুং'ৰ তু বাস্তৱিকে স.-ত্ব Gr-tg, L.tu, Ger.-du, Eng.-thou. ৩১৯। তির্যক আকৃতি (Oblique forms ): একবচন ওপৰত দেখুৱা অপভ্রংশৰ ‘তউ’ বা ‘তুহু’ৰ পৰা অসমীয়া, হিন্দী, বঙ্গালী আৰু উৰিয়া ‘তাে’ (যেনে তােক, তােৰ ইত্যাদি) ওলাইছে। ডাক্তৰ কেলােগে ‘তুহুং’ৰ পৰা ‘তাে’ ওলােৱা বুলি ভাবে। এই মত বােধকৰোঁ ঠিক নহয়। অপভ্রংশ তুহুং'ৰ পৰা পু-অসমীয়া ‘তােহেঁ’ (যেনে, তােহোক, তােহােৰ, ইত্যাদি) ওলাইছে বুলি বােধহয়। সেইদৰে অপভ্রংশ ‘তুহু’ৰ ১। তেওঁৰ যুক্তি এই :—তই’টো মাহাৰাষ্ট্ৰী, শৌসেনী প্রাকৃত ৬ষ্ঠী, মী, আৰু মীৰ একবচনত এয়ােগ হয় (হেমচ, ৩৯৪,৬,৯,১••) আৰু তই’টো অপভ্রংশ প্রাকৃত ৩, ৭মী আৰু ২াৰ একবচনত ব্যৱহৃত হয় (হেমচ. ৪৩৭২)। তউ’টো অপভ্রংশত মী আৰু ৬ষ্ঠীৰ একবচনত প্রযােজ্য। তুহ’ , মী আৰু গীত (ভিসিঙসাং তুহতুজ্ঞতু তুতাঃ সঃ।-মার্কেণ্ডেয়) আৰু ‘তুহং’ ৬ষ্ঠী আৰু শীত চলে (লেচেন $ ৫১)। তুহ আৰু তুহং একে আকৃতি আৰু প্ৰথমাৰ একবচনত মাহাবা প্রাকৃত (হেমচ. ৩৯) আৰু অপভ্রংশত (লেচেন ৪ ০৫১) চলে। তুই’ অপভ্রংশৰ প্ৰথমাৰ একবচনত চলে (হেমচ. ৪'৩৬৮)। প্রথমাৰ আকৃতি তুহ, তুহং, আৰু গ্ৰীৰ আকৃতি তুহ, তুহং একে বুলি লেচেনেও দীকাৰ কৰিছে (লেচেনঃ 486)। See Homle: Comp. Gram. P. 271.
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৫০
অৱয়ব