পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সংখ্যাবাচক শব্দ ১৯৯ পালি অল্প ৯৬ সংস্কৃত ঘন্নতি অসমীয়া ছায়ৰৈ হনতি ছেণ (৫) ছিয়াৰৈ (লৈ) সগুনতি সক্তনৱতি সত্তাণউএ সাতাত্মবৈ (বৈ) অষ্টনতি অঠনৰুতি ঠণৱৱঈ (৫) আঠাবৈ। অষ্টানৱতি (-বৈ) নৱনৰতি নৱনৰুতি শউণব (?) নিৰামবৈ, (-বৈ) | সউ, সং, সয়ং শও, শ | ২৯০। বিশ, ত্রিশ, চল্লিশ, পঞ্চাশ আদি শব্দৰ অন্তঃস্থ শ’ৰ উচ্চাৰণ ‘ছ’ৰ দৰে। সিবিলাক শব্দক বিছ, ত্রিছ, চল্লিছ, পঞ্চাছ—এনেদৰে লেখিলেহে উচ্চাৰণৰ সুবিধা হয়। কিন্তু অসমীয়া বৈয়াকৰণিক আৰু হেমকোষৰচক স্বর্গীয় হেমচন্দ্ৰ বৰুৱাই শ’ৰ ব্যৱহাৰ কৰিছে আৰু বর্তমান এনে বর্ণ- বিন্যাস চলিছে দেখি আমিও তাকে অনুসৰিলাে। শ’ৰ পাচত গণনাৰ নিমিত্তে হাজাৰ, অযুত, লাখ, কৌটি আদি শব্দৰ ব্যৱহাৰ হয়। হাজাৰ (ইচ. হজাৰ ), লাখ (স. লক্ষ ), কোটী (স, কোটি) আদিৰ মূল সহজে পােৱা যায়। শ, হাজাৰ আদি শব্দৰ আগৰ এক আৰু দুই শব্দৰ ‘ক’ আৰু ই বিকল্পে গুচে—যেনে, এক শ বা এশ, দুই শ বা দুশ। সেইদৰে বিশেষণৰূপে ব্যবহৃত হােৱা ‘এক’, ‘দুই শব্দৰৰ ‘ক’ আৰু ই’ বিকল্পে গুচে ; যেনে, একজন বা এজন, দুই আখৰ বা দুআখৰ, ইত্যাদি। | (২) সংখ্যাবাচক বিশেষণ (Ordinals) ২৯১। সাধাৰণত সংখ্যাবাচক সংজ্ঞাৰ পৰা সংখ্যাবাচক বিশেষণ ওলায়। কিন্তু তলত লিখা সংখ্যাবাচক বিশেষণ কেইটি অশৃঙ্খল নিয়মে সিদ্ধ হয়। সেই দেখি সিসৱৰ মূল তলত দিয়া হল। এই কথা মনত ৰাখিব লাগে যে এই তালিকাত দিয়া শৰ কোৱা ভাষাত হে সচৰাচৰ প্ৰয়ােগ হয়। লিখা।