বিভক্তি মূল। ১৮১ হয়। তাৰ পৰা হিলী লয়ে, ল। ল'ৰ পৰা লই হয়। অসমীয়াতে সেইদৰে ইয়াৰ পৰা লই’ বা ‘লৈ হয়। | ২৭৪। পান-কাৰক বিভক্তি (Ablative case-affixes) ‘পৰা:-পুৰণি অসমীয়া—পৰা, হতে, সন্তে। যেনে, ঘৰৰ পৰা আহিলাে; পৰ্বতৰ পৰা পৰিল। ‘বিমানৰ পৰা পড়ে দুঃখে।'—শঙ্কৰ ৰাখিল এক বৃষ্টিত হতে।'—শ। ‘ভয়সন্তে নৃপতিৰ সিহৰিল গাৱ।'—মা. ক.. ‘ইন্তে’ যােগ হলে সংজ্ঞা-শব্দৰ পিছত ৭মীৰ ‘ত যােগ হয়। পুণি অসমীয়াত কেতিয়াবা ৬ষ্ঠৰ চিন ও পঞ্চমীত চলিছিল। যেনে, কতকৃত্য হয় পাছে দোলৰ বাইব।'—শঙ্কৰ। (ক) পৰা ইয়াৰ মূল বৈদিক ‘পৰস’ বা ‘পৰা। পৰা সংস্কৃতত এটা শব্দ নহয়, উপসর্গ (prefix) হে। যেনে, পৰাক্ৰম, পৰাভব। কিন্তু বৈদিকত ‘পৰা’ বা ‘পস’ এটা পৃথক শব্দ—অব্যয়, আৰু তাৰ অর্থ atar, beyond আৰু অপাদান কাৰকৰ লগত ইয়াৰ প্ৰয়ােগ হয়। যেনে, ‘পৰা হি মে বিম পতন্তি বইয়ে। বয়ােন সতীপ।-- ১২৫৪ (মােৰ শান্ত বৃত্তিবিলাক পক্ষীগণে বাহৰ ফালে যােৱাৰ দৰে জীৱন লাভৰ নিমিত্তে দুৰৰ (পৰা) বা দূৰলৈ যায়)। ‘পৰা যে যন্তি বীতয়ােগাৱাে ন গৱতীৰ | ইচ্ছত্তীসম্।'—ঝ ১২৫১৬ (উকচক্ষ বশক দেখিবলৈ ইচ্ছা কৰা মােৰ বুদ্ধিবিলাক গৰু যেনে গগাহালীলৈ যায় তেনেকৈ বহু দূৰৰ পৰা যায়)। আমি অনুমান কৰিছে যে এই ‘পৰাই অসমীয়া পঞ্চমী বিভক্তিৰ চিন ‘পৰা। উভয়ৰ অৰ্থ একে আৰু ব্যৱহাৰ প্ৰায় একে। সেই একে অর্থত বৈদিত পৰি শৰ অপাদানত ব্যবহৃত হয়। যেনে, ‘সুদাসােদা ব বিত্ৰতােৰৰে পূজো বহতমখিনা। বায়ে সমূহত বা বিপর্যয়ে ধরে পুস্পৃহ।'- ১৪৭৬ ১। Macdonell's vedic Grammar for Students, l (8).
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩০৯
অৱয়ব