পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭১ বিভক্তিৰ মূল প্ৰকাশ কৰিবলৈ আদিতে কুকুৰটোত কোবা বা কুকুৰটোৰ ফালে কোবা —এনেকৈ কৈছিল। সেই দৰে মানুহে খায় অর্থত মানুহ+এ= মানুহ+ এই =মানুহ+ইয়াত খায়—এনেকৈ কৈছিল। আকৌ হাতেদি ধৰ অৰ্থত হাত +এ+দি=হাত +ইয়াত + দি ধৰ হাততে বা হাতে ধৰ; দুখীয়াক ধন দে অর্থত দুখীয়াত ধন দে ; ঘৰৰ পৰা অৰ্থত ঘৰত থাকি ( তাৰ) পৰা ; কামৰূপৰ কামাখ্যা অৰ্থত কামৰূপত কামাখ্যা—এনেকৈ মনৰ ভাব ব্যক্ত কৰা হৈছিল। কালক্রমে সমাজৰ উন্নতিৰ লগে লগে মনৰ ভাবে উন্নত হল, সূক্ষ্মাদপি সূক্ষ্ম ভাব আদান-প্রদানৰ চেষ্টা হল, বস্তুৰ গুণ, দোষ, অৱস্থা আদিৰ বিশ্লেষণৰ লগে লগে আগৰ স্থানীয় ভাবৰ লগত আৰু অনেক সূক্ষ্ম ভাব যােগ কৰিব লগীয়া হল আৰু এই দৰে কৰ্ম, সম্প্রদান, অপাদান আদি সূক্ষ্মভাবাত্মক কাৰকৰ সৃষ্টি হল। শেষত সংস্কৃত, লাটিন আদি ভাষাৰ উন্নত অৱস্থাত ৬টা কাৰক ওলাল–কর্তা, কর্ম, কৰণ, সম্প্রদান, অপাদান আৰু অধিকৰণ। প্রথমতে সংস্কৃতত এটা বিভক্তি-‘ডি’ বা ‘ই’ আছিল ; যেনে, হৃদ শব্দ অধিকৰণত হৃদ +ই= হৃদি ( in the heart )। কালক্রমে সু, ঔ, জস; অম, ঔ, শস আদি বিভক্তিৰ সৃষ্টি হল। কিন্তু এই বিভক্তি কেইটা আদিতে সপ্তম্যন্ত সংজ্ঞা-শব্দ আছিল। শেষৰ কালত সিবিলাক বিভক্তিৰূপে যােগ হওঁতে নিজ অঙ্গ অনেক অংশ পৰিত্যাগ কৰাত নিজৰ অস্তিত্ব হৰুৱালে। এইদৰে লব্ধ সপ্তম্যন্ত পদৰ অৱশেষ সু, ঔ, জস আদিয়ে বিভক্তি। ২৬৮। সংস্কৃতৰ পৰা প্রাকৃত ভাষা ওলাওঁতে ইয়াৰ ঠিক বিপৰীত হৈছিল অর্থাৎ সংস্কৃতত এটা কাৰকৰ পৰা ৭টা ( সম্বন্ধপদ লৈ) হৈছিল ; কিন্তু প্রাকৃতত ৭ট। কাৰকৰ পৰা এটা হে হৈছিল ( $ ২৩০)। সি সম্বন্ধ পদ আৰু তাৰ বিভক্তি ৬ষ্ঠী। প্রাকৃতৰ পৰা বর্তমান প্রাকৃতিক ভাষাবিলাক ওলাওঁতে প্রথমে এটা কাৰক অর্থাৎ সম্বন্ধপদহে পােৱা গৈছিল। এই যষ্ঠ্যন্ত পদেই তির্যক আকৃতি বুলি কোৱা কৈছে ($ ২৪১)। ভাষাৰ ক্রমবিকাশৰ লগে লগে আন কাৰকৰ আৱশ্যক হােৱাত প্রাকৃতৰ সাধাৰণ বিভক্তিযুক্ত পদত (অর্থাৎ তির্যক আকৃতিত) আন কিছুমান শব্দ যােগ কৰি নতুন কাৰকৰ কাম কৰিব লগীয়া হল। এই নতুনকৈ যােগ কৰা শব্দবিলাকেই বর্তমান প্রাকৃতিক ভাষাৰ বিভক্তি। অসমীয়াত , দি, বে, লৈ আদি এইদৰে যােগ হােৱা বিভক্তি।