বিভক্তিৰ আকৃতি ১৪৭ ২৪। তির্যক ৰচনৰ মুল (Origin of oblique form)। সংস্কৃত ষষ্ঠীৰ একবচনৰ বিভক্তি ‘স্য’ মাগধী প্রাকৃতত শশ’, ‘সস' বা আহ (বা ‘হ) হয়। এই বিভক্তিৰ চিন অপভ্রংশ প্রাকৃতত ‘হাে’ বা ‘হু’ আৰু ‘হে’ বা ‘হি হয় । এইবিলাক বিভক্তি সকলাে লিঙ্গত অকাৰান্ত, ইকাৰান্ত আৰু উকাৰান্ত শব্দৰ শেষত যােগ হয়। এইদৰে আমি অপভ্রংশ প্রাকৃতৰ ষষ্ঠীৰ একবচনত (১) অহহ, ইহাে, উহহ (বা অহু, ইহু, উহু) আৰু (২) অহে, ইহে, উহহ (বা অহি, ইহি, উহি) বিভক্তি পাওঁ। ইয়াৰ প্রথম বিধ পূর্বাঞ্চলৰ প্রাকৃতিক ভাষাত অহ, ইহ, উহ বা হ ইং হলে অ, ই, উ হয়। অসমীয়াত বর্তমানত এই বিভক্তি সদাই হয়। যেনে, ৰামনাম (অর্থাৎ ৰাম্+ অ+ৰ নাম ) name of Ram; নদী-কাষ bank of river; শিশু-লীলা pastime of childhood, ইত্যাদি। দ্বিতীয় বিশ্ব বিভক্তি পুব-ভাৰতৰ প্রাকৃতিক ভাষাত হ' ইৎ হােৱাত অই, ইই আৰু উই হয় অর্থাৎ এ ( =অ+ ই), ঈ (=ই+ই). আৰু উই ( =উ+ ই হয়। যেনে, হিন্দী—‘ঘােড়েকে of a horse ( ইয়াত ‘ঘােড়ে’ৰ একাৰ); অসমীয়া—প্রথমা, তৃতীয়া আৰু সপ্তমীৰ একবচন ৰামে’ ইয়াত একাৰ (অর্থাৎ বাম+এ)= তির্যক একবচন ‘এ’ =অপভ্রংশ প্রথমাৰ একবচনৰ বিভক্তি ‘অহি'। সেইদৰে অসমীয়া প্রথমাৰ একব. লক্ষ্মীই বা লক্ষ্মী (=লক্ষ্মী+ই), শিই ( = শিশু+ই), ইত্যাদি। এই শেষােক্ত আকৃতি বিৰল। সাধাৰণতঃ প্রথম বিধ আকৃতি (এ) ই যােগ হয় আৰু তেতিয়া লক্ষ্মীয়ে, শিশুৱে ইত্যাদি ৰূপ হয়। কিন্তু অপভ্রংশ প্রাকৃতৰ দ্বিতীয় বিশ্ব বিভক্তি--অহি, ইহি, উহি পুৰণি অসমীয়াত প্রথমাৰ একবচনত প্ৰচলিত আছিল। | যেনে, সবহি মিলিল আহি সিংহ দুৱাৰত। মা, ক.। ১ “অৱর্ণাঙ্গ বা সস ডাহঃ”। হেমচ, ৪২৯৯। ভগদত্তশােণিদাহ কুয়েল, ভগদত্তশােণিতন্য কুতঃ। পনে, ভীমসেনশশ পশ্চাদো হিংভীদি, ভীমসেন পশাদ বিওতে। হিড়িম্ব ঘুডুয়শােকে । উশষদি=স, হিড়ীয়া ঘটোৎকচশােকো নােগশামতি। ভীমসেনশ, ভীমসেনস। হিড়িম্বা, হিড়িদাহ। ২ “ওঃ, মুহসঃ ”। হেমচ. ৪৩৩৮। সিভ্যঙীনা হেহহয়”। হেমচ, ০৩৪১। “ ন্যাহেঁ। হেমচ. ৪৩৫০। “ঙেহি। হেমচ। ৪৩৫২।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭৩
অৱয়ব