১০২ । অসমীয়া ব্যাক আৰু ভাষা ভৱা আগত অ, কৰ পৰা আহিল? তুঝ, হােতউ আগদো=স, ত্ব ভৱান আগত অ, তােমাৰ পৰা আহিল; অমূহহ হােতউ গদো=স, অম্মদ ভৱান্ গত =অ, আমালােকৰ পৰা গল; ইত্যাদি। | এতিয়া আমি জানাে অপভ্রংশ প্রাকৃতত ৫মী আৰু ৬ষ্ঠৰ আকৃতি একে আৰু প্ৰাকৃতৰ সময়তে সকলে বিভক্তি লােপ হৈ কেৱল প্ৰথম আৰু ৬ষ্ঠ বিভক্তিত পৰিণত হ'ল। আমি ওপৰত (৪ ২৩০) এইটোও পাই আহিছছ যে শেষৰ কালত প্রথম বিভক্তিও লােপ হৈ কেৱল ৬ষ্ঠ থাকিল আৰু ৬ষ্ঠ বিভক্তিয়ে প্রথমাৰৰ বিভক্তি হল। এনে গােলমালৰ অৱস্থাতে প্রাকৃতিক ভাষাশিত ‘হিংতাে’ বা ‘হােতই’ ৰ পৰা লব্ধ বিভক্তি বহুবচনৰ চিন স্বৰূপে ৰই গল। আন ভাষাত হােংতউ'-ৰ হ লােপ হল; কিন্তু অসমীয়াত নহল। অসমীয়াত প্রথমে হােতউ' ৰ পৰা হন্ত বা হন্তে হল আৰু তাৰ পিচত হঁত হল। পুৰণি অসমীয়াত হন্তৰ বহুল প্রয়ােগ দেখা যায়। যেনে, ‘দুইহন্তৰ আগত ভৈলন্ত শিশুৰূপ। শঙ্কৰ ‘দেৱ দৈত্য নৰ যক্ষ দানৱ যতেক নাগ সবে হন্তে কৌতুকক পাইল। মা. ক. ‘ছয় হন্তে পলাই গৈলা ৰাখি জীৱ মানে'। মা. ক. বর্তমান অসমীয়া ‘হঁত’, পুৰণি অসমীয়া ‘হন্ত’ বা ‘হন্তে’ অপভ্রংশ ‘হােতউ’ বা ‘হােংতও’, প্রাকৃত ‘হিংতাে’ বা ‘হােতাে’পৰা আহিছে। প্রাকৃত হােত সংস্কৃত ভৱৎ ( ভৱান্) বা ভূ ধাতুৰ (present participle active voice) আকৃতি। এতেকে হুঁত বাস্তৱিকে ভূ বা হ ধাতুৰ কৃদন্ত পদ। হঁতটো সংজ্ঞা শব্দৰ বিষয়ত মানৱ জাতি বুজুৱা শব্দত হে যােগ হয় ; যেনে, লৰাহঁত। কিন্তু সর্বনামৰ বিষয়ত সর্বত্র চলে; যেনে, সিহঁত, ইহঁত, তাহঁত, ইত্যাদি। কিন্তু হঁতৰ মূল ইৰাণী ‘হেস্তি বুলিহে অনুমান হয়। ইৰাণী ভাষাত সৱনামৰ পাচত ‘হেন্তি প্রত্যয় বহুবচনৰ চিন স্বৰূপে ব্যৱহৃত হয়। যেনে, ‘যােই হেন্তি ঐহৌ জেমােকনেন্তি’= Those who bury in this earth (Zend.যােই হেস্তি =যিহঁতে, যিসকলে)। ১ মানৌ’, হেমচ, ৩১৮• (ক্রিয়াতিতে স্থানে অনাৱাদেশৌ ভৱতঃ। হতো, হােমণে). ‘শান', হেমচ, ৩১৮১ (শতৃ-মানশিভ্যেতয় প্রত্যেক মান ইত্যেৱাদেশে | ২ See Sacred Books of the East: Damesteter: Vol Iv. P. 266. তত)।
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৬৮
অৱয়ব