পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (goat)-ছাগলী; মেকুৰ (cat)—মেকুৰী; কোৱৰ (prince) কুঁৱৰী; ভালুক (bear)—ভালুকী; বান্দৰ (monkey)—বান্দৰী; ইত্যাদি। | (২) সচৰাচৰ আকাৰান্ত তদ্ভব শব্দৰ পাচত স্ত্রীলিঙ্গত ‘ই’ প্রত্যয় হয়। যেনে, খুড়া (uncle)—খুড়ী; জেঠা ( father's elder brotheo)-জেঠী ; পপহা-স্ত্রী, পেহী ( father's sister); বগুলা (the Indian crane) বগলী, বগুলী; কেঁচা (person having fat nose)-ফেঁচী ; মােমাই, মামা (maternal uncle)—মাই, মামী; আপা ( lit, father; boy)—আপি, আপী (lit, mother; girl); কলা, কাজলা ( purple)-কাজলী ( said of cow); উজল-ঈ, উছলা-দাতা (a person having prominent fore-teeth)- উজল-পাতী, উছলা-দাতী ; বগা (white)-বগী; বেটা ( son)-বেটা ; বুঢ়া (old man or animal)-বুঢ়ী; মাতা { male)- মাতী (female); কিন্তু মতা (male)—মাইকী ( female); লিগিৰা (attendent )—লিগিৰী; 'বেঙা (one unable to articulate clearly) –বেঙী; ইত্যাদি। (৩) কিছুমান বিশেষ জন্তু বুজুৱা শব্দৰ পাচত স্ত্রীলিঙ্গ ‘ঈ’ আৰু কদাচিত অনী যােগ হয়। যেনে, মখনা, মাখনা (male elephant without tusks )-মাখুন্দী; পেৰা, পাৰা ( he buffalo)—পেৰী, পাৰী; পঠা, পাঠা (male deer, goat, etc.) -পাঠী ; টঙনা (colt)—টাঙনী (illy); • ঢেকুৰা (dog)-ঢেকুৰী, ঢেকুৰনী (bitch); মলুৱা ( male monkey) -মলুৱানী ; ভুৰা (wild pig)—ভুৰী ( wild hog), বােন্দা (male cat-বুলী; ইত্যাদি। | (৪) বস্তু বা বান আৰু মন্ত বা মান প্রত্যয়ান্ত শব্দৰ স্ত্রীলিঙ্গত যথাক্রমে ‘বতী’ বা ‘তী’ আৰু মতী' প্রত্যয় হয়। যেনে, গুণৱান বা গুণৱন্ত (merito- rious )-গুণৱতী; মান বা শ্ৰীমন্ত (prosperous; healthy)—শ্রীমতী ; ৰূপৱ, ৰূপৱান (bandsome, beautiful)-ৰূপৱতী, রূপন্তী; ফুলৱন্ত (skilled in ornamental worl)-ফুলৱতী, ফুলন্তী, ফুলতী; বুদ্ধিমত্ত, বুদ্ধিমান (intelligent)বুদ্ধিমতী; ইত্যাদি। | (৫) পুরি ত শৰৰ অন্তঃস্থিত (অস্পষ্ট) অ, আ, ই, ঈ, আৰু উ, উৰ ঠাইত যথাসম্ভৱ অনী, আনী, ইনী আৰু উনী প্রত্যয় হয় আৰু এ ঐ, ও, ঔৰ পিচত অনী প্রত্যয় হয়। অনীৰ অৰ ঠাইত ই, ঈ, ও