পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ-বিকৃতিৰ সাধাৰণ নিয়ম বর্ণ। বিকৃতি । উদাহৰণ স, শােততে (হে. ১১১৮৭); শৰ a kind of deer with branching horns, বৈ. শৰভ (name of a kind of | deer in Atharvaveda, Ix. 5. 9 and later )। ১৪১। প্রাকৃতত সাধাৰণতঃ ক, গ, ছ, জ, ত, দ, প, য আৰু ৰ লােপ হয় (হেমচ. ১১১৭৭; বৰ, ২২)। কেতিয়াবা ‘ক’ৰ ঠাইত ‘গ’ হয়, যেনে, এগাে one, স. এক. অ =এক (হে. ১১১৭৭)। কেতিয়াবা চ লােপ নহয়; যেনে, ণ চৰাে wanderer at night; owl, thief or goblin, স, নক্তংচৰ (হে, ১১৭৭)। কেতিয়াবা ‘চ’ৰ ঠাইত জ’ হয় ; যেনে, পিসাজী she-gobin, স. পিশাচী, অ. পিশাচী (হেমচ. ১১১৭৭)। “ট আৰু ড’ৰ কেতিয়াও লােপ নহয়, কিন্তু ‘ট’ৰ ঠাইত ‘ড’ হয়; যেনে, ভড়াে hire, স, ভট, অ. ভাৰা (হে. ১১৯৫)। শৌৰসেনী আৰু মাগধীত ত’ আৰু ‘দ’ৰ লােপ নহয়, কিন্তু ত’ৰ ঠাইত ‘দ হয় (হেমচ, ৪২৬০ ); যেনে, মস্তিদো consulted, spoken, স. মন্ত্রিতঃ, অ. মতা (called); তদো then, স, ততঃ। প্রাকৃত আৰু মাগধী প্রাকৃতত ‘প আৰু বৰ ঠাইত ব’ হয়; যেনে, সাৱে curse, স, শাপ, অ, শাও; তৱই he heats, স, তপতি, অ, তায় (হে. ১২৩১); অলাৱ botle-gourd, স, অলাৰু, অ. লাউ, লাও (হে. ১২৩৭)। অপভ্রংশত হলে ক, খ, ত, থ, প, ফ'ৰ ঠাইত যথাক্রমে গ, ঘ, দ, ধ, ব, ভ হয় (হেমচ. ৪৩১৬)। যেনে, প্রিয় মানুস বিচ্ছােহগৰু=স. প্রিয়মানসৱিক্ষোভক; সুঘে with happiness, স. সুখেন; কধিদু spoken, স, কথিত ; সৱধু oath, স. শপথ; সভউ successful স. সফল। আকৌ প্ৰাকৃতত সাধাৰণত , ঘ, থ, ধ আৰু ‘ভৰ ঠাইত হ’ হয় (হেমচ, ১১৮৭; বৰ ২২৭)। যেনে, সাহা branch, স, শাখা, অ, শাখা; মেহাে cloud, স, মেঘ, অ মেঘ ; নাহাে lord , নাথ, অ, নাথ, পু, অ-নাহ; সাহু sage. স. সাধু, অ, সাধু; সহ meeting, gathering, স, সভা, অ, সবাহ, সভা। হ, ঝ আৰু চৰ সাধাৰণতঃ পৰিবর্তন নহয়; কিন্তু ঠৰ ঠাইত কেতিয়াবা ‘ট হয়, যেনে, • See vedic odoxof Names and Subjects by Macdool & Koh.