পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব | প্রাকৃততে হয়—যেনে, ৱেঈ enclosure with bathing platform for bridegroom or bride, স. ৱেদিঃ (an altar), অ, বেই; সত্তাৱীশ twenty-seven, স, সপ্তৱিংশতি, অ. সাতাইশ ; পহৰ, পইহৰ husband's house, স. পতিগৃহং, অ. পৈ-ঘৰ ; নইসােত্তং current of a river, স. নদীস্রোত, অ, নৈসেঁাত; ৱহু, বহু bride, স. বধূ, অ. বৌ, বউ ; ইত্যাদি। পালিত হয়—যেনে, পা, ধন্য, স. ধান্য (paddy), পা, জিন, স, জীর্ণ (old ; কাচ্চা, $ ১৫৭); পা, পুজ, স. পূজ, (to offer; কাচ্চা, $ ২৫২); পা. নাগৰ, স. নগৰং (a city; কাচ্চা. $ ২৫১); পা. পীয়, স. প্রিয় (beloved; কাচ্চা, P. II. ); পা. পূৰিস, স. পুৰুষঃ (man; কাচ্চা, ৮৯)। | ১৩৬। কেতিয়াবা স্বৰ অনুনাসিক হয় ( $ ১৫)। যেনে, বেঁকা crooked, প্রা. কম্ (হে. ১০২৬), স. ৱক্র, বৈ. বংকু; ছাঁ, ছাহ shade, প্রা. ছাহী (হে. ১২৪৯), ছাহা (বৰ, ২০১৮), স. ছায়া ; ঘাঁহ grass, মা, প্রা, ঘাশে, স. ঘাস, ইত্যাদি। | প্রাকৃততে হয়—যেনে, কঁাই who, স. ক, কিম, অ. কই (হে ৪৩৪৯); তই thou, স. ত্বয়া, অ. তই, তঞি (পু. অ.) ( হেমচ. ৪৩৭০); তুহু thou, স. , অ, ই, পু, অ, তুহু ( হেমচ. ৪৩৩০), cf. “তুহু চুণী মুখহি সাক্ষী তােৰ”। মা, দে। পালিতে কেতিয়াবা হয়—যেনে, পা, মহিম, স, মহিষঃ (buffalo; কাচ্চা. ২৪৯)। | ১৩৭। প্রাকৃতত ‘ঐ’ আৰু ঔ’ নাই ($ ১১)। সংস্কৃতৰ পৰা প্রাকৃতলৈ শব্দ নামােতে ঐকাৰৰ ঠাইত এ বা অই আৰু ঔকাৰৰ ঠাইত ও, উ বা অউ হয়। যেনে, সেঅলং moss, স. শৈৱলং, অ, শেলাই, শেলুৱৈ ; বইসাহাে name of a month, স, বৈশাখ, অ, ব’হাগ, বৈহাগ (ব. ১৩৫); কোংচো curlew, স. ক্রৌঞ্চ, অ, কণুৱা (হে. ১১১৫৯); উদ্দো sun's heat, স. ৰৌদ্র, অ. ৰ'দ (ব. ১৪১); দুৱাৰীও door-keeper, স. দৌৱাৰিক, অ. দুৱৰী, দুৱাৰী (হেমচ, ১১৬০)। অসমীয়াত সংস্কৃতৰ পৰা শব্দ নমাওতে এই নিয়ম খাটে; যেনে, চত, চৈত name of a month, স. চৈত্রঃ; চুৰি theft, স, চৌর্যং; জেঠ ১। হেমচ, ১৪ ২। বৰ, ১/৩৪, ৩৫, ৪১। হেমচ, ১১৪৮, ১৫১, ১৫৯-১৬, ১৬২।