পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব মধ্যৱৰ্তী [$ ২৫ ]। এই স’ৰ আদি সংস্কৃত উচ্চাৰণ কি আছিল তা ঠিক কৰা সহজ নহয়। কিন্তু ই যে অসমীয়া সৰ নিকটবর্তী আছিল তাৰ কোনো ভুল নাই। স’ জাত বিসৰ্গৰ উচ্চাৰণ প্ৰায় হ’ৰ নিচিনা। ইৰাণী ভাষাত সংস্কৃত স’ৰ উচ্চাৰণ হ'ৰ দৰে আৰু তাত স’ৰ ঠাই হ’ই অধিকাৰ কৰিছিল। ইৰাণী ভাষা আৰু আদি বৈদিক ভাষা আদিতে একে আছিল। পুৰণি ইৰাণী ভাষা জেণ্ড-অৱেষ্টা গ্ৰন্থত পােৱা যায়। তাৰপৰা তলত লিখা শব্দৰ তালিকা দিব পাৰি। হিন্দু এসি (Thou art) হি অম্বৰ (Demon or Supreme Spirit) অহৰ (God) ষ ( Robbor : Non-Aryan) দহ, দহ সা (Sap, juice: a river)। হা (cf এ.হা) সােম ( Nectar: beverage of the gods) হওম (হোম) সপ্ত সিঃ (seven seas) হও হেন্দু এশ্মি (I am ) অহমি সস (Corn) সু (spirituous liquor) সিন্ধু (sea, river) .সতী (name of a river) হকৈতি বিং ( sun : a god) বিৰহৰু, জন্ বিচে কয় যে পাঞ্জাবী আৰু গুজৰাটী এই দুই প্রাকৃতিক ভাষাত ‘স’ৰ উচ্চাৰণ প্ৰায় ‘হ’ৰ নিচিনা আৰু এই দুই ভাষাত শ’ ‘য’ আৰু স’ এই তিনি আখৰৰ ঠাইত সচৰাচৰ হ' উচ্চাৰিত হােৱা দেখা যায়। অসমীয়াই হলে স ( আৰু শ) আখৰৰ নিমিত্তে হ’ত কৰিও কোমল অসমীয়া সৰ উচ্চাৰণ কৰে। অৱশ্যে এইটো স্বীকাৰ্য্য যে কিছুমান সংস্কৃত আৰু প্রাকৃত শব্দৰ স আৰু শ উভয়ৰে ঠাইত মাগধী প্রাকৃতৰ নিচিনা ‘চ’, ‘হ উচ্চাৰিত কৰা হয়; যেনে—উৎসাহ, ছাবিশ, অসমীয়া ইত্যাদি। কিন্তু ১। Max Muller India, what Can It Teach Us. ২। ০ Raoans vcdc India and Macdonol & Koith's vedic today of Names and Subjects, ৩। Beames: Comp. Ganna, Vol. I, P. 1.