দ্বিতীয় আধ্যা উচ্চাৰণ (Pronunciation) (ক) স্বৰবৰ্ণৰ উচ্চাৰণ (Pronunciation of Vowels) ১২। মূল স্বৰবৰ্ণৰ উচ্চাৰণ—অ, ই, উ, এই তিনিটা মূল হ্রস্ব স্বৰ। অ’ উচ্চাৰণ অসমীয়াত তিনি ৰকম বুলি ধৰিব পাৰি-হ্রস্ব উচ্চাৰণ, যেনে-সংস্কৃত ঘট, অসমীয়া ছট্ফট। ইংৰাজী “but’ শব্দৰ উ’ আৰু ‘ঘট’ৰ আৰু ‘চটফট’ৰ ‘অ’ৰ উচ্চাৰণ একে। আৰু এটি উচ্চাৰণ ‘ও’ৰ ফালে ঢাল খােৱা : যেনে— অকঠিন, অকটুৰ, এই দুই শব্দৰ অ' আৰু + অ। তাতােকৈ ‘ও'ৰ বেচি ওচৰ চাপা উচ্চাৰণ, যেনে—কলা, ল’ৰা, খৰি ইত্যাদিৰ 'অ'। ‘ই’ব স্ব উচ্চাৰণ “বি”, “মিল” ইতাদিত পােৱা যায়। ই কেতিয়াবা ‘এ’ৰ নিম্ন স্তৰৰ উচ্চাৰণ নির্দেশ কৰে ; যেনে-সেচক, সেচন, সিচনী (স. সেচনী), সিচ : | দে, দিওঁ (স, দা ধাতু)। উ’ৰ হ্ৰ উচ্চাৰণ-সাধু, মুনি আদি শব্দত পােৱা যায়। ই কেতিয়াবা ‘ও’ৰ নিম্ন স্তৰৰ উচ্চাৰণাে নির্দেশ কৰে ; যেনে-- শশা, শুলে, ঘােষা, ঘুষিলে ; যুগ, যােগ। | আ, ই, উ এই তিনিটি বর্ণ যথাক্রমে অ, ই, উ-ৰ দীর্ঘ উচ্চাৰণ বুজোৱা স্বৰ। এই তিনি স্বৰ কেতিয়াবা সংযােগৰ সময়ত কোনাে স্বব শােপ পালে উচ্চাৰিত হয়। ইহঁতৰ মৌলিক উচ্চাৰণ ভাই, শ্ৰী, সূতা আদি শব্দত পােৱা যায়। আৰু সংযােগৰ ফলত লােপ হোৱা অৱস্থাত পােৱ উচ্চাৰণ আছিলাে (অ+অছ, বা অস্+ইলো), মুনী (মুনি +ই), কঁাহী (=স. কাংসিক প্রা. কংসিও =অ, কঁাহী), ভূর্ধ ( = + ঊর্থ) আদি শব্দত পােৱা যায়। ১৩। যুক্ত স্বৰ (Dipthongs)-কোনাে কোনােৱে ‘এ’ আৰু “ও’-ক মূল স্বৰ বুলি ধৰে। কিন্তু এই দুই বৰ্ণ আৰু ঐ, ঔ, বাস্তৱিকে যুক্ত-স্বৰ। আদিতে ‘এ’টো অ+ই আৰু ‘ও’টো অ+উ ভিন্ন আন একো নাছিল। এই দুই আখৰ ‘ই’ আৰু উৰ উচ্চ স্তৰৰ উচ্চাৰণ : যেনে—সেচক আৰু সিক্ত ; ভােগ আৰু ভুগিছে। আকৌ এই দুই আখৰ অ (বা আ)-ৰ লগত ই (বা ঈ) আৰু উ (বা উ) সংযােগত উৎপন্ন হয়। যেনে—বঙ্গেশ্বৰ
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩৩
অৱয়ব