অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব স্ক, ক, ধ্ব, ক, প্ল, , ৪, , , , , , এইবিলাক সংযুক্ত বর্ণ । এই কেইটা জানিলে আন সংযুক্ত আখৰ লেখিবলৈ সহজ হব। | সাধাৰণতঃ ট-বর্গৰ লগত য আৰু ত-বর্গ, ক, খ, প, ফ, ম-ৰ লগত স . যােগ হয়। কিন্তু ই, ঈ, উ, ঊ আগত থাকিলে ক, খ, প, ফ, আৰু মৰ লগত য যােগ হয়। বাম্প, বাষ্পীকা, শম্প, শোল, শ্লেষ্ম, ভাষােত্মা আদি শব্দ এই নিয়মৰ বাহিৰ।। | ৯। মুল-অসমীয়া বর্ণমালাৰ মূল সংস্কৃত বা আচলতে বৈদিক সংস্কৃত। সংস্কৃত বর্ণমালাৰ নিচিনা পৃথিবীৰ ভিতৰত সম্পূর্ণ আৰু সৰ্বাঙ্গ-সুন্দৰ বৈজ্ঞানিক বর্ণমালা ক’ততা নাই। এই বর্ণমালা লিখা ভাষাত চলাৰ আগেয়ে গঠিত হৈছিল বুলি বহুতে স্বীকাৰ কৰে। ভাৰতৰ বৰ্ণ-বিভাগ অতি পুৰণি কালৰপৰা মুখে মুখে চলি অহা কথা প্রাতিশাখ্যৰপৰা জনা যায়। প্রাতিশাধ্য হিন্দুৰ এবিধ স্বৰ-বিজ্ঞান শাস্ত্র। | বৈদিক সংস্কৃতত তলত লিখা বর্ণ কেইটি পােৱা যায় :—স্বৰ—অ, আ, ই, ঈ, উ, ঊ, ঋ, ঋ, ৯, ঃ, এ, ও ঐ, ঔ ১৩টি। ব্যঞ্জন-ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ত (!), • (!h), ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, র, ল, ৱ, শ, ষ, স, হ। তাৰ বাহিৰে জিহ্বামূলীয় আৰু উপনীয় হ'বৰ প্ৰচলন আছিল। এই হিচাপে ব্যঞ্জনবর্ণ ৩৯টি। ঋগ্বেদত সচৰাচৰ, বিশেষকৈ স্বৰৰ মাজত বহিলে, ক আৰু ৰ ঠাইত ড আৰু ঢ় (d আৰু dh) হয়। সেই দেখি কোনাে কোনােৱে ৪ আৰু ক ড আৰু ঢ় বুলি ধাৰ। ঝ’-টোৰ ব্যৱহাৰ বৈদিক যুগত নাছিল বুলিলেও হয়। ট, ঠ, ড ঢ, ক (বা ডু ), ২ (বা ঢ় ), ণ এই কেইটা বৰ্ণৰ ব্যৱহাৰ বেদত নীচেই কম। ঋগ্বেদত শব্দৰ আদিতে এই কেইটি বৰ্ণৰ ব্যৱহাৰ দেখা নাযায়। শব্দৰ মাজত আৰু শেষত হে পােৱা যায়। লেখাত থাকিলেও অসমীয়াৰ মুখত ঝ’ আৰু এই কেইটি বৰ্ণৰ উচ্চাৰণ নাই। ১। বর্তমান কোনো কোনো অসমীয়া সাহিত্যিক ল’ৰাৰ শিক্ষাৰ সুবিধাৰ অর্থে এই সংযুক্ত বর্ণ পবিত্যাগ কৰি গুটীয়া আখৰ চলাৰ খেলে। তেনে কৰিলে অৱশ্যে আদি শিক্ষাত সুবিধা হব, কিন্তু লেখার পক্ষে অসুবিধা থাকিব। যুক্তাক্ষৰ এবাৰ শিকি লব পাৰিলে শেষত যত সময় আৰু পৰিা ৰক্ষা পৰিব। ২। Hornle'sComp. Gramm.৪ 16 and Macdonell'svedicGramm, p. 8. ৩। Macdonell's vedic Grammar, p. 2.
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৩০
অৱয়ব