পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব এতিয়ালৈ কোনেও কৰিব পৰা নাই। জন বিচে কয় যে খুষ্ট জন্মৰ ৩০০ বছৰ আগৰপৰা পাপি আখৰ চলিছিল। তাৰপৰা খৃষ্টীয় পঞ্চম শতাব্দীত গুপ্ত আখৰ আৰু শেষােক্ত আখৰৰপৰা খৃষ্টীয় দশম শতাব্দীত কুটিল আখৰ ওলাইছিল। | ৩। কোনাে কোনো ইউৰােপীয় পণ্ডিতে কয় যে বিদেশৰ লগত বেহাবেপাৰৰ সুবিধা কৰিবৰ নিমিত্তে খৃষ্ট জন্মৰ ৭০• ৮০০ বছৰ আগেয়ে ভাৰতৰ মানুহে মুদ্ৰা উলিয়াইছিল আৰু আখৰৰ সৃষ্টি কৰিছিল। ডাক্তৰ মেনে কয় যে ভাৰতীয় বর্ণমালা খৃঃ পূঃ ৬• ০ বছৰৰ আগেয়ে সৃষ্ট হৈছিল আৰু গৌতম বুদ্ধৰ আগেয়ে এই বর্ণমালা প্রচলিত আছিল। ইফালে সংস্কৃত বৈয়াকৰণিকসকলে বর্ণমালাক বিধাতাৰ সৃষ্ট, গতিকে “নিত্য” বুলিছে। জ্যোতিস্তত আছে—“যিহতু ছমাহৰ ভিতৰতে ভ্রান্তি জন্মে এই হেতু পূর্বকালে বিধাতাই অক্ষৰ সৃষ্টি কৰি পত্ৰগত কৰিছিল।” আজিকালি বহুতে এই মত অভ্রান্ত বুলি স্বীকাৰ কৰিবলৈ টান পাব। ভিন ভিন সংস্কৃত কাকৰণত বৰ্ণৰ সংখ্যা ভিন ভিন দেখা যায়। অকল সেয়ে নহয়, দুই এটা- বাও পৃথক পৃথক। তাত বাদে পৃথিবীৰ ভিন ভিন জাতিৰ বর্ণমালাৰ আখৰ, নাম আৰু সংখ্যাও পৃথক। এনে স্থলত বর্ণমালাক “নিত্য” বুলিব নােৱাৰি।। বর্ণ শব্দ নির্দেশ কৰিবৰ চিন মাত্র। | 3। বৈদিক যুগত ভাৰতত কি আখৰ চলিত আছিল তাক জানিবৰ কোনাে উপায় নাই। কিন্তু মিচৰ বৰ্ণমালাৰ নিচিনা বস্তুৰ চিত্ৰানুৰূপ আখৰ আদিতে চলিত আছিল বুলি বহু পণ্ডিতে বিশ্বাস কৰে। ভাৰতৰ পুৰণি আখৰ এতিয়ালৈ যি পােৱা গৈছে তাৰ ভিতৰত পালি আখৰেই অতি পুৰণি। এই পালি আখৰ অশােকৰ “তাম্রশাসন” আৰু “শিলালিপি”ত এতিয়াও পােৱা যায়। এই পালি আখৰক “ব্ৰাহ্মী আখৰ বােলে। এই ১: comparative Grammar of the Modern Aryan Languages of India -Beam, Vol. I, p. 50. ২। Imperial Gazetteer of India, India Empire, vol. II, p. 185. See also Vincent Smith's Asoka, p 140. ৩। kachchayano's Pali Grammar by F. Mason, p. 7. । বাসিহণি সম োভি সংজায়তে যত। | পাতা সানি পাতঃ পুৰ। ইতি জ্যোতিতে বৃহস্পতি। See also “সি. বা সময় কাপ ব্যাকৰণ, ১৪ সূত্র।