পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব প্রথম অধ্যা বর্ণ প্রকৰণ ( The Alphabet)। ১। বৰ্ণৰ চিহ্ন (Type of Alphabet)—অসমীয়া মুদ্রিত পুথিত ব আৰু ৰ ভিন্ন সমুদায় বঙলা আখৰ ব্যৱহৃত হােৱা দেখা যায়। আফিচ-কাছাৰী, স্কুল-কলেজ, দোকান-পােহাৰতত তদ্রুপ। আজিও বহুত অসমীয়াই চিঠি-পত্ৰত ৰ’-ক ‘র’ কৰি লেখে আৰু ৰ আৰু বৰ হব প্রভেদ নাৰাখে। কিন্তু পুৰণি পুথি লেখোসকলে এতিয়াও অসমীয়া বর্ণমালা এৰা নাই। আগৰ অসমীয়া পণ্ডিতে কেতিয়াও আধুনিক বঙলা বর্ণমালা ব্যৱহাৰ নকৰিছিল। সমুদায় হাতে লিখা পুথিৰ আখৰ অসমীয়া। এইটো অৱশ্যে স্বীকার্য যে পুৰণি অসমীয়া আৰু পুৰণি বঙলা আখৰৰ গঢ় বৰ বেচি পৃথক নাছিল। আৰু অতীজতে উভয় বর্ণমালাৰ একে জন্মস্থান আছিল। কিন্তু আধুনিক বঙলা আখৰ আগেয়ে কোনাে কালে অসমত নচলিছিল। ২। মুল—অসমীয়া পুথি, তামৰফলি, খােদিত লিপি, মুদ্রা আদিত অসমীয়া বর্ণমালা প্রচলিত থকা দেখা যায়। এই অসমীয়া আখৰ আধুনিক দেৱনাগৰী আখৰৰ ৰূপান্তৰ নহয়। সম্ভৱতঃ ই হিন্দী কায়থী”ৰ শাখা মাত্র। আধুনিক দেৱনাগৰী আখৰৰ কায়থীৰপৰা উন্নত অৱস্থা পােৱা বর্ণ। দেৱনাগৰী, বঙলা, অসমীয়া আৰু উড়িয়া আখৰ এতিয়া বিলগ বিলগ হলেও সিহঁতৰ পৰস্পৰৰ ভিতৰত ইমান সাদৃশ্য আছে যে সিহঁতৰ আটাইবিলাকক একে আৰ্হিৰ আখৰ বুলিব পাৰি। বহু পণ্ডিতে বঙ্গালী, অসমীয়া, উড়িয়া আৰু কায়থী আখৰ আগৰ দিনৰ গুপ্ত আৰু কুটিল বৰ্ণৰ ৰূপান্তৰ বুলি অনুমান কৰে। কিন্তু এইবিলাক কোন সময়ত কেনেকৈ পৃথক হ’ল তাৰ মীমাংসা